• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণ কৰি চাৰিবছৰীয়া শিশুক হত্যাৰ গোচৰত হত্যাকাৰীক যাৱজ্জীবন সশ্ৰম কাৰাদণ্ড

ঋতুপল্লৱ শইকীয়া ঋতুপল্লৱ শইকীয়া
গোলাঘাট , May 10, 2019 6:51 am

2 min read

rape-pic-12-750x375

প্ৰতিনিধিত্বমূলক ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতিকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বিশেষ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে এটা শিশু হত্যাকাৰীৰ বিৰুদ্ধে যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ ৰায় ঘোষণা কৰিছে।

আদালতৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০১৭ চনৰ ২ মাৰ্চ তাৰিখে বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত শিলভেটা কাকজান গাঁৱত এগৰাকী চাৰি বছৰীয়া ছোৱালীক ধৰ্ষণ আৰু  হত্যা কৰি জুৰিত উটুৱাই দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল।

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী শিশুটিৰ পিতৃ লব বৰাইকে বোকাখাত আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত কাকজান গাঁৱৰে বলোৰাম বৰাইকৰ পুত্ৰ ভাইটি বৰাইক (২০) গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগ অনুসৰি ঘটনাৰ দিনা দিনৰ প্ৰায় ১.৩০ বজাত  শিশুটিৰ পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ যুৱকজন ঘৰত সোমাই প্ৰথমে ধর্ষণ কৰি আৰু ইয়াৰ পিছত ডিঙি চেপি হত্যা কৰি মৃতদেহটো এটা গামলাত ভৰাই নি ওচৰৰ এটা জুৰিত উটুৱাই দিয়ে।

কিন্তু যুৱকজনে উক্ত গামলা উটুৱাই দিয়া কাৰ্য স্থানীয় অলকা বৰাইক নামৰ এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে। জুৰিত কাপোৰ ধুবলৈ যোৱা মহিলাগৰাকীয়ে পানীত ভাহি যোৱা গামলাটোত কি আছে চাওঁতেই শিশুটিৰ মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু চিঞৰ-বাখৰ কৰি স্থানীয় ৰাইজ,শিশুটিৰ পৰিয়ালক অৱগত কৰে আৰু তেনেদৰেই উক্ত লোমহৰ্ষক ,পাশবিক ঘটনা পোহৰলৈ আহে।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৭৬/৩০২/২০১আৰু যৌন নিৰ্যাতনৰ পৰা শিশু সুৰক্ষা আইন(POCSO)ৰ ৬ নং ধাৰাৰ অধীনত ৩৫/১৭ত এটা  গোচৰ পঞ্জীয়ন কৰে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত  উক্ত গোচৰটো গোলাঘাট বিশেষ ন্যায়াধীশৰ আদালতত special (pocso)১২/১৭নম্বৰত পঞ্জীয়ন হয় আৰু উপৰোক্ত বিচাৰ প্ৰক্ৰিয়া চলে। প্ৰায় দুবছৰ ধৰি চলা বিচাৰৰ অন্তত আদালতে  অপৰাধী ভাইটি বৰাইকক দোষী সাব্যস্ত কৰে আৰু বৃহস্পতিবাৰে উক্ত কঠোৰ শাস্তিৰ ৰায় ঘোষণা কৰে।

অপৰাধীটোক যাৱজ্জীৱন কাৰদণ্ডৰ লগতে  জৰিমনা বিহা হৈছে, জৰিমনা অবিহনে অতিৰিক্ত এমাহকৈ কাৰাবাস খাটিব লাগিব বুলি জানিব পৰা গৈছে।

আনহাতে, উক্ত ৰায়দানত ন্যায়াধীশগৰাকীয়ে সমগ্ৰ ঘটনাত অপৰাধীজনৰ এক পাশৱিক, নিদৰ্য় আৰু আমানৱীয় স্বৰূপ প্ৰকাশ পোৱা বুলি কোৱাৰ লগতে ইয়াক ক্ষমাৰ যোগ্য নহয় বুলি উল্লেখ কৰে। উক্ত গোচৰত ভুক্তভোগীৰ পৰিয়ালৰ হৈ অধিবক্তা পি বৰা আৰু আচামীৰ হৈ টি বৰদলৈয়ে ওকালতি কৰিছিল। ইপিনে, উক্ত ৰায়দানত ভুক্তভোগীৰ পৰিয়ালৰ লগতে গোলাঘাটৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বিগত বৰ্ষত জম্বু-কাশ্মীৰৰ কঠোৱাত সংঘটিত ঘটনাৰ পাছত যৌন নিৰ্যাতনৰ পৰা শিশু সুৰক্ষা আইনখন বহুখিনি সংশোধন কৰি ১২ বছৰৰ তলৰ শিশু নিৰ্যাতন কৰা অপৰাধীক মৃত্যুদণ্ডৰ শাস্তি পৰ্যন্ত প্ৰদান আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ ক্ষেত্ৰত নূন্যতম বিশ বছৰ কাৰাবাসৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd