• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াৰ ধৰ্ম নিৰপেক্ষতাক প্ৰশংসা আৰু তাৰ বাবে ধন্যবাদ দিলে কংগ্ৰেছৰ নেতা গোলাম নবী আজাদে

“সময় এতিয়া বিজেপিমুক্ত ভাৰতৰ দিশে গৈ আছে", গোলাম নবী আজাদ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 24, 2019 5:55 pm

2 min read

golam nabi azad

কাষত অসমৰ নেতা-নেত্ৰীক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা গোলাম নবী আজাদৰ সংবাদমেল।

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মানুহে হাজাৰ বছৰ ধৰি ধৰ্ম নিৰপেক্ষতা অৱলম্বন কৰি আহিছে আৰু তাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাম নবী আজাদে।

অসমলৈ অহা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে আজি দিচপুৰস্থিত হোটেল ৰিভিয়েৰাত এখন সংবাদমেল সম্বোধন কৰে।

তেওঁ কয়, “ধৰ্মৰ কথা কেতিয়াও নকয় অসমৰ মানুহে। কংগ্ৰেছৰ দৰে অসমৰ মানুহে হাজাৰ বছৰ ধৰি ধৰ্ম নিৰপেক্ষতা অৱলম্বন কৰি আহিছে। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। হিন্দু-মুছলমান-খ্ৰীষ্টান সকলোৰে মাজত একতা আৰু সম্প্ৰীতি আছে”।

সংবাদমেলৰ আৰম্ভণিতে CAA-বিৰোধী আন্দোলনৰ পাঁচজন চহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

বিজেপি নেতৃত্বাধীন চৰকাৰে সমগ্ৰ দেশত “কা” বিৰোধী আন্দোলনত জড়িত ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিছে বুলি অভিযোগ আজাদৰ। বিশ্ববিদ্যালয়ৰ চৌহদত আৰক্ষী প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিছে বুলি অভিযোগ কৰি তেওঁ কয়, “ছাত্ৰৰ ওপৰত এনে অত্যাচাৰ পূৰ্বে হোৱা নাছিল”।

অসমত এন আৰ চিৰ কাম চৰকাৰখনে সঠিকভাৱে কৰিব নোৱাৰিলে বুলিও অভিযোগ কৰে কংগ্ৰেছৰ নেতাজনে। তেওঁৰ মতে, বাদ পৰা ১৯ লাখৰ মাজতো লাখ লাখ প্ৰকৃত ভাৰতীয় সোমাই আছে।

“কিছুমানৰ মাকৰ নাম আহিছে পুত্ৰ-জীয়ৰীৰ নাম অহা নাই, পিতৃৰ নাম অহা নাই পুত্ৰৰ নাম আহিছে”, সংবাদমেলত আজাদৰ মন্তব্য।

“অসমৰ নিচিনা ৰাজ্য এখনতে এন আৰ চিৰ কাম ঠিকমতে নহ’ল আৰু মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সমগ্ৰ ভাৰততে NRC-ৰ কাম কৰিব বিচাৰিছে। এইটো সম্ভৱ হৈ নুঠিব”, তেওঁ কয়।

মোদীৰ প্ৰতিশ্ৰুতিবোৰ সুঁৱৰি আজাজে কয়, “বিদেশৰ পৰা ক’লাধন আনিম বুলি কৈছিল, ক’ত আহিল? পাঁচ বছৰত ২ লাখ নিবনুৱাকো চাকৰি দিব নোৱাৰিলে। মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে। কৃষকৰ আমদানি দুগুণ কৰিব নোৱাৰিলে, কিন্তু হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিছে”।

তেওঁ চৰকাৰখনে বিজ্ঞাপনৰ বাবেহে অধিক ধন খৰচ কৰিছে বুলি কয়।

মোদীৰ বিমুদ্ৰাকৰণৰ পদক্ষেপক এটা ডাঙৰ বিফলতা বুলি দাবী কৰি কয় যে বিমুদ্ৰাকৰণৰ ফলত উদ্যোগবোৰ বন্ধ হৈ পৰিল, যাৰ বাবে কোটি কোটি লোকে চাকৰি হেৰুৱালে।

ঝাৰখণ্ডত গেৰুৱা দলটোৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰি কয়, “বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিল পাছ কৰাৰ বাবেই ঝাৰখণ্ডত বৃহৎ পৰাজয়। মহাৰাষ্ট্ৰ, হাৰিয়ানাতো ৰাইজে বিজেপিক আঁতৰাই পঠালে। এতিয়া বিজেপিমুক্ত ভাৰতৰ দিশে গৈ আছে”, গোলাম নবী আজাদ।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd