• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গাড়ী চালকৰ প্ৰচেষ্টাত আৰক্ষীৰ হাতত ধৰা পৰিল সোণৰ চোৰাং সৰবৰাহকাৰী: উদ্ধাৰ কোটি টকাৰ সোণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2022 10:09 pm
Gold seized in Bengal
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ পিছত এইবাৰ উত্তৰ বংগৰ মাজেৰে সোণৰ চোৰাং সৰবৰাহৰ এক চক্ৰ আৰক্ষীয়ে ধৰা পেলাইছে। এগৰাকী গাড়ী চালকৰ বুদ্ধিদীপ্ত সাহসী প্ৰচেষ্টাৰ সহায়ত আৰক্ষীৰ হাতত ধৰা পৰিছে এক চোৰাং সোণ সৰবৰাহ চক্ৰ।

আৰক্ষীয়ে চালকগৰাকীৰ সহায়ত দুগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ১ কোটি টকাৰ সোণৰ বিস্কুট উদ্ধাৰ কৰিছে। দুই যুৱকে নিজৰ জেকেটৰ ভিতৰত লুকুৱাই আনিছিল এই বৃহৎ পৰিমাণৰ সোণখিনি। ধৃত যুৱক দুগৰাকী মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, আজি দিনৰ ভাগত দুগৰাকী যুৱকে শিলিগুৰিলৈ যোৱাৰ উদ্দেশ্যে ধুপগুৰি ষ্টেণ্ডৰ পৰা বাপ্পা নামৰ চালকজনৰ গাড়ীখন ভাড়াত লয়। কিন্তু কিছু দূৰ লৈ যোৱাৰ পিছত যুৱক দুজনৰ কথোপকথন শুনি চালকগৰাকীৰ মনত সন্দেহ হয়।

এই সন্দেহৰ বাবেই তেওঁৰ যাত্ৰাৰ মাজতে এখন ধাবাৰ পৰা জলপাইগুৰি সদৰ ট্ৰেফিক বিষয়াক এই বিষয়ে অৱগত কৰে। চালকজনৰ ফোনকল লাভ কৰাৰ পিছতে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন জব্দ কৰাৰ ব্যৱস্থা কৰে।

গাড়ীখন গৌশালা চাৰিআলিত উপস্থিত হোৱাৰ লগে লগে গাড়ীখন ৰখাই দিয়া হয় আৰু অনুসন্ধান আৰম্ভ হয়। অনুসন্ধানত যুৱক দুগৰাকীৰ পৰা ১৪ টা সোণৰ বিস্কুট উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা বিস্কুটবোৰৰ ওজন ১ কিলোগ্ৰাম ৬২৮ গ্ৰাম বুলি জানিবলৈ দিছে।

জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে। আনহাতে ধৃত দুই যুৱকক দেওবাৰে আৰক্ষীয়ে জলপাইগুৰি আদালতত হাজিৰ কৰিব আৰু ৰিমাণ্ড বিচাৰিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd