• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃভূমিত উপস্থিত মাজুলীৰ কন্যা স্বৰ্ণজয়ী ৰুণজুন পেগু; বিভিন্ন দল-সংগঠনৰ আদৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2018 10:22 pm
193
VIEWS
Share on FacebookShare on Twitter

লক্ষ্ণৌত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ চিনিয়ৰ শাখাত স্বৰ্ণ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মাজুলীৰ কন্যা ৰুণজুন পেগু আজি আহি যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হয়।

হিমা দাসৰ সফলতাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হোৱা মাজুলীৰ কন্যা ৰুণজুন পেগুক উষ্ম আদৰণি জনালে বিভিন্ন দল-সংগঠনে।

কিন্তু মন কৰিব লগীয়া যে আজি বিভিন্ন দল-সংগঠনে ৰুণজুনক আজি যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আদৰণি জনাবলৈ উপস্থিত হোৱাৰ বিপৰীতে চৰকাৰৰ তৰফৰ পৰা ৰুণজুনক আদৰিবলৈ কোনো এজন বিষয়ববীয়া উপস্থিত নহ’ল। যাক লৈ সচেতন মহল তথা ৰাইজৰ মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে মাজুলীৰ জেংৰাইমূখ লক্ষীমি বৰপমুৱা গাঁৱৰ ৰুণজুনে শৈশৱতে পিতৃ-মাতৃক হেৰুৱাই এক কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে আহি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে। ইয়াৰ পূর্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ।

আনহাতে কাইলৈ গৃহ জিলা মাজুলীত উপস্থিত হ’ব লগা ৰুণজুনক সম্বৰ্ধনা জনাবলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিভিন্ন দল সংগঠনে ব্যাপক আয়োজন কৰিছে। ইয়াৰ উপৰি তেওঁক বিশেষ ফেৰী, গাড়ী তথা প্ৰায় দহ হেজাৰ দুচকীয়া-চাৰিচকীয়া বাহনেৰে কমলাবাৰী ঘাটৰ পৰা জেংৰাইমুখ লৈ বিশাল শোভাযাত্ৰা কৰি আদৰি নিয়া হ’ব।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd