• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় কন্টেন্ট ক্ৰিয়েটৰলৈ সুবৰ্ণ সুযোগ: বিনামূলীয়া ভ্ৰমণৰ বাবে বিশেষ আমন্ত্ৰণ নেপাল দূতাবাসৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 6:40 am
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাহাৰৰ বুকুত লুকাই থকা ডাৱৰ, প্ৰাচীন মন্দিৰৰ ঘণ্টাৰ শব্দ আৰু ধূপৰি সুগন্ধি। নেপাল মানেই সকলোৰে বাবে এক আকৰ্ষণীয় ঠাই। কিন্তু এইবাৰ ভাৰতীয় কনটেণ্ট ক্ৰিয়েটৰসকলৰ বাবে নেপাল ভ্ৰমণৰ এক বিশেষ সুযোগ লৈ আহিছে নতুন দিল্লীত থকা নেপাল দূতাবাসে। নেপালৰ পৰ্যটনক ভাৰতীয় পৰ্যটকৰ মাজত অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যেই এই বিশেষ আৰু অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ছচিয়েল মিডিয়াৰ পাঁচগৰাকী শ্ৰেষ্ঠ ক্ৰিয়েটৰক এই বিশেষ ভ্ৰমণৰ বাবে বাছনি কৰা হ’ব। যদি আপুনি ট্ৰেভেল ব্লগ, ফুড ভ্লগিং বা লাইফষ্টাইল ৰিলছ বনাই ভাল পায়, তেন্তে এই সুযোগ আপোনাৰ বাবেই।

Apply Now

দূতাবাসে জনোৱা মতে, আবেদনকাৰীগৰাকী ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। ইউটিউব, ইনষ্টাগ্ৰাম বা ফেচবুকৰ দৰে ডিজিটেল প্লেটফৰ্মত তেওঁলোকৰ যথেষ্ট পৰিচিতি থাকিব লাগিব। বিশেষকৈ যিসকলে ভ্ৰমণ, আধ্যাত্মিকতা, এডভেঞ্চাৰ বা খোৱা-বোৱাৰ ওপৰত কনটেণ্ট তৈয়াৰ কৰে, তেওঁলোকে ইয়াত অগ্ৰাধিকাৰ পাব। অৱশ্যে কেৱল ফ’ল’ৱাৰৰ সংখ্যাই নহয়, আপোনাৰ আকৰ্ষণীয় কাহিনী কোৱাৰ ধৰণ আৰু উন্নত মানৰ ভিডিঅ’ বনোৱাৰ দক্ষতাও থাকিব লাগিব। ইয়াৰ বাবে ভাষাৰ কোনো বাধ্যবাধকতা নাই, ইংৰাজী, হিন্দী বা যিকোনো ভাৰতীয় আঞ্চলিক ভাষাত ভিডিঅ’ নিৰ্মাণ কৰা ক্ৰিয়েটৰসকলে ইয়াত আবেদন কৰিব পাৰিব।

নিৰ্বাচিত হোৱা এই পাঁচগৰাকী ক্ৰিয়েটৰক নেপালৰ পাহাৰ, হ্ৰদ, প্ৰাচীন স্তূপ আৰু ঐতিহ্যমণ্ডিত ঠাইসমূহলৈ লৈ যোৱা হ’ব। ইয়াৰ বিনিময়ত তেওঁলোকে নিজৰ ছচিয়েল মিডিয়া পেজত নেপালৰ সৌন্দৰ্য দাঙি ধৰিব লাগিব। ট্ৰেভেল ভ্লগ, ৰিলছ, পডকাষ্ট আৰু চৰ্টছৰ জৰিয়তে নেপালৰ পৰম্পৰা আৰু সংস্কৃতি প্ৰচাৰ কৰিব লাগিব। লগতে ভাৰতীয় পৰ্যটকসকলৰ বাবে প্ৰয়োজনীয় ভ্ৰমণৰ পৰামৰ্শ আৰু টিপছ আগবঢ়াব লাগিব।

এই ভ্ৰমণৰ বাবে আবেদন কৰা প্ৰক্ৰিয়াটো অতি সহজ। আবেদনকাৰীয়ে নিজৰ নাম, যোগাযোগৰ নম্বৰ, ছচিয়েল মিডিয়া হেণ্ডেলৰ লিংক আৰু ফ’ল’ৱাৰৰ সংখ্যা দূতাবাসলৈ পঠিয়াব লাগিব। ইয়াৰ লগতে পূৰ্বৰ কিছুমান কামৰ নমুনা আৰু শেষত আপুনি কিয় নেপাললৈ যাব বিচাৰে সেই বিষয়ে এটি চুটি টোকা লিখি পঠিয়াব লাগিব। গতিকে দেৰি নকৰি নিজৰ পাছপৰ্টখন উলিয়াই লওক। কনটেণ্ট বনোৱাৰ নিচা থকাসকলে এই সোণালী সুযোগ কোনো কাৰণতে নেহেৰুৱাব। ভাৰত আৰু নেপালৰ বন্ধুত্বৰ এই নতুন অধ্যায়ৰ অংশ হোৱাটো সঁচাকৈয়ে এক ডাঙৰ সৌভাগ্যৰ কথা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd