NORTHEAST NOW (Assamese)

মহানাগৰিকলৈ সুখবৰ : পেট্ৰল পাম্প বন্ধ প্ৰত্যাহাৰ কৰিছে ডিলাৰ এচ’ছিয়েশ্যনৰ গুৱাহাটী শাখাই

September 5, 2020 6:47 pm · কল্পজ্যোতি শইকীয়া
Updated: September 5, 2020 7:02 pm

সোমবাৰৰ পৰা পেট্ৰ’ল পাম্পৰ বন্ধ প্ৰত্যাহাৰ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এচ’ছিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এচ’ছিয়েশ্যনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে জনাইছে এই কথা।

শনিবাৰে BPCL, IOCL আৰু নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এচ’ছিয়েশ্যনৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ উপস্থিতিত এক আলোচনা অনুষ্ঠিত হয়।

য’ত BPCLএ এচ’ছিয়েশ্যনৰ দাবী অনুসৰি ডিচেম্বৰ মাহলৈকে তেলৰ সৰবৰাহ অব্যাহত ৰাখিব বুলি জনোৱাৰ লগতে চুক্তিখন স্বাক্ষৰৰ সীমা ডিচেম্বৰলৈকে ধাৰ্য কৰে।

সেয়েহে, সোমবাৰৰ পৰা তেল ডিপো বন্ধ নৰখাৰ সিদ্ধান্ত লৈছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এচ’ছিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই।

উল্লেখযোগ্য যে, এচ’ছিয়েশ্যনৰ এগৰাকী সদস্য তথা বেলতলা RRND চাৰ্ভিছ ষ্টেশ্যনৰ স্বত্বাধিকাৰী ইলোৰা দেৱীৰ ওপৰত BPCLয়ে মানসিক হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

ইয়াৰ পিছতে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এচ’ছিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই গুৱাহাটী মহানগৰীত তেল ডিপোসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Related News