NORTHEAST NOW (Assamese)

ৰাজ্যৰ চাহ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ : আহি গ’ল অত্যাধুনিক AI প্ৰযুক্তি

June 26, 2024 6:29 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 26, 2024 4:41 pm

ৰাজ্যৰ চাহ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ। চাহ খেতিয়কৰ বাবে AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা হৈছে নতুন প্ৰযুক্তিৰ। নিজৰ খেতিডৰাৰ সন্দৰ্ভত সকলোবোৰ তথ্য  খেতিয়ক গৰাকীয়ে নিজৰ ম’বাইলতে আগতিয়াকৈ জানিব পাৰিব এই নতুন প্ৰযুক্তিটোৰ জৰিয়তে। আগতিয়াকৈ জানিবলৈ সক্ষম হ’ব জলবায়ুৰ আগজাননী । লগতে জানিব পাৰিব কীট-পতঙ্গৰ অৱস্থিতি  আৰু প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে।

ৰাজ্যখনৰ আৰ্থসামাজিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত বৃহৎ চাহ উদ্যোগৰ সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক সকলেও লৈ আহিছে গুৰুত্বপূৰ্ণ ভুমিকা। কিন্তু উন্নত কাৰিকৰীৰ অভাৱত লাহে-লাহে যেন স্তিমিত হৈ পৰিছে ক্ষুদ্ৰ চাহ উদ্যোগটো।

জলবায়ুৰ লগতে সঘনাই কেঁচাপাতৰ দৰৰ তাৰতম্য হৈ থকাৰ বাবে লভালাভ কমি অহাৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। এনে সময়তে খেতিয়ক সকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে IFFCO KISHAN আৰু NABARDৰ দ্বাৰা পৰিচালিত এটা নতুন প্ৰযুক্তিয়ে।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাপানালা অঞ্চলৰ “সেউজ জ্যোতি টি ফেডাৰেচন”ৰ প্ৰায় ৬৪ জন ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত ৫ জনকৈ কৃষকৰ চাহখেতিত আগন্তুক দুটা বছৰৰ বাবে পৰীক্ষামূলকভাৱে কৰিবলৈ ওলাইছে প্ৰতিষ্ঠান দুটাই পৰিচয় কৰাই দিয়া নৱতম প্ৰযুক্তিৰে।

AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা নতুন প্ৰযুক্তিৰ জৰিয়তে খেতিয়ক সকলে আগতিয়াকৈ জানিবলৈ সক্ষম হ’ব জলবায়ুৰ আগজাননী, কৃৎ-পতঙ্গৰ অৱস্থিতি, প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে।

Related News