ভাল খবৰ! ৰাজ্যত ক’ৰ’ণামুক্ত হ’ল ১৮৫ গৰাকী লোক : নতুনকৈ ২২ গৰাকী মুক্ত

2411 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’নাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে এক ভাল খবৰ।

আজিৰ দিনটোত ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে ২২ গৰাকী লোক। ইয়াৰে ১৬ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ পৰা, শিলচৰ মেডিকেল কলেজৰ পৰা ৪ গৰাকী আৰু যোৰহাট মেডিকেল কলেজৰ পৰা দুগৰাকী লোকক মুক্তি দিয়া হৈছে।

২৪ ঘণ্টাৰ ভিতৰত ৬০ গৰাকী লোকক মুক্তি দিয়া হৈছে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা।

কালিৰ দিনটোত ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

কালি শিলচৰ মেডিকেল কলেজৰ পৰা ১৪ গৰাকী, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ১১ গৰাকী, বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৮ গৰাকী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৩ গৰাকী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ২ গৰাকী লোকক কিছু সময় পূৰ্বে মুক্তি দিয়া হৈছিল।

লোককেইগৰাকীক দুবাৰকৈ টেষ্ট কৰাত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

যোৱা ২৯ মে’ত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে’ত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

কালিৰ পৰা আজিলৈকে ৬০ গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ১০৮০ লৈ হ্ৰাস পালে ক’ৰ’না আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা। ৰাজ্যত এতিয়ালৈকে ১৮৫ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে’ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা। দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত কোভিড-১৯ নিগেটিভ ওলোৱাত যাবলৈ দিয়া হৈছিল চিকিৎসালয়ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োজিত কৰিছে।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৫৬ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১২৭২ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে যদিও ২৪ ঘণ্টাত ৬০ গৰাকীকৈ ৰোগী ক’ৰ’নামুক্ত হোৱাটোৱে কিছু পৰিমাণে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।