ব্যৱহাৰকাৰীৰ তথ্য ব্যৱহাৰ কৰি বাণিজ্যিক সুবিধা আদায় কৰিছে গুগলে : আৰম্ভ হৈছে তদন্ত

ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি ব্যৱসায়িক সুবিধা আদায় কৰিছে গুগলে। আমেৰিকাৰ আই টি গুগলৰ বিৰুদ্ধে উত্থাপন হৈছে চাঞ্চল্যকৰ অভিযোগ। সেই অভিযোগৰ ভিত্তিত ইটালীয়ে তদন্ত আৰম্ভ কৰিছে গুগলৰ বিৰুদ্ধে।

জানিব পৰা মতে, গুগল আৰু আলফাবেটৰ দুয়োটা কোম্পানীৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে। সপ্তাহতহে এই বিষয়ে ইটালীৰ চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে সদৰী কৰিছে।

ইটালীৰ চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে দাবী কৰিছে যে গুগলে ব্যৱহাৰকাৰীৰ পৰা কেইবাটাও ক্ষেত্ৰত তথ্য ব্যৱহাৰৰ অনুমতি বিচাৰে। বেছিভাগ ক্ষেত্ৰতে ব্যৱহাৰকাৰীয়ে তথ্য ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে। তাৰ পিছত সেই তথ্যৰ সহায়ত প্ৰৱঞ্চনামূলক ব্যৱসায় কৰাৰ বাট মুকলি হয়। বহু ক্ষেত্ৰত গুগলে ব্যৱহাৰকাৰীৰ পৰা তথ্য বিচৰাৰ অনুমতি ভুলকৈ সংগ্ৰহ কৰে।

এনে কেইবাটাও অভিযোগৰ ভিত্তিত ইটালীয়ে তদন্ত আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। কেৱল গুগলেই নহয়, তেওঁলোকৰ ‘পেৰেণ্ট’ কোম্পানী আলফাবেটৰো তদন্ত কৰা হ’ব।

ইটালীৰ নিয়ম অনুসৰি কোম্পানীয়ে গ্ৰাহকৰ অধিকাৰ সুৰক্ষা আইন উলংঘা কৰিলে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। জৰিমনা ৫ হাজাৰৰ পৰা ১ কোটি ইউৰো হ’ব পাৰে।

অৱশ্যে এই তদন্তত গুগলে সহযোগিতাৰ বাৰ্তা দিছে। সংস্থাটোৰ এগৰাকী মুখপাত্ৰই কয়, ‘আমি এই গোচৰৰ তদন্তত ইটালীৰ কৰ্তৃপক্ষক সহযোগ কৰিম।’

মন কৰিবলগীয়া যে গুগলে গ্ৰাহকে ব্যৱহাৰ কৰিব পৰাকৈ ইউটিউব, জিমেইল, গুগল মেপৰ দৰে হাজাৰ হাজাৰ অনলাইন সঁজুলি আনিছে। ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুগলে অনিয়ম কৰিছে নে নাই সেয়া ইটালীৰ তদন্তৰ পিছতহে জানিব পৰা যাব।