ছাৰ্চ ইঞ্জিন গুগলে পুনৰ কৰিলে এটা বিশেষ ভুল।
কিছুদিন পূৰ্বে গুগলে আফগান ক্ৰিকেটাৰ ৰছিদ খানৰ পত্নী বুলি অনুষ্কা শৰ্মাৰ নাম প্ৰচাৰ কৰি আছিল।
গুগলত ৰছিদ খানৰ বিষয়ে জানিবলৈ ছাৰ্চ কৰিলেই ৰছিদ খানৰ পত্নী অনুষ্কা শৰ্মা বুলি দেখুৱায়।
পিছত যেনিবা ভুল ধৰিব পাৰিছিল গুগলে। এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰ শুভমন গীলৰ পত্নী হিচাবে গুগলে শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ নাম উল্লেখ কৰাৰ কথাই নেট বিশ্ব তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে।
কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰ গৰাকীৰ পত্নী হিচাবে শচীন কন্যাৰ নাম সাঙোৰ খাই পৰাত এতিয়া বিমোৰত পৰিছে ছাৰাও।
বিভিন্ন জনেে ইতিমধ্যে গুগল কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত আপত্তি দৰ্শোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য শচীন কন্যা ছাৰাৰ সৈতে শুভমন গীলৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি বিভিন্ন মাধ্যমত খবৰ প্ৰচাৰ হৈ আহিছে।
এই ক্ষেতৰেত ছাৰাৰ তৰফৰ পৰা বিশেষ কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই যদিও ছ’চিয়েল মিডিয়াত এই বিষয়টোৱে বেছ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।
ইয়াৰ মাজতে গুগলে ছাৰা তেণ্ডুলকাৰক শুভমনৰ পত্নী হিচাবে উল্লেখ্য কৰাত বিষয়টোৱে চৰ্চাৰ শীৰ্ষ বিন্দু অধিকাৰ কৰিছে।