• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মহৰ বিৰুদ্ধে গুগলৰ ডিজিটেল যুদ্ধ: মাৰাত্মক ৰোগ প্ৰতিৰোধৰ বাবে এৰিব ৩ কোটি ২০ লাখ বিশেষ মহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 8:43 pm
98
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিবলৈ কোনো হলিউডৰ চিনেমাৰ দৰে লাগিলেও এইয়া একেবাৰে সঁচা। এইবাৰ মহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে গুগলে। ডেংগু, মেলেৰিয়া, জিকা আৰু চিকুনগুনিয়াৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিবলৈ আমেৰিকাত ৩ কোটি ২০ লাখ বিশেষভাৱে তৈয়াৰী মহ এৰি দিয়াৰ পৰিকল্পনা কৰিছে গুগলে। ইয়াৰ বাবে ইউনাইটেড ষ্টেটছ এনভাইৰনমেণ্টেল প্ৰটেকশ্বন এজেন্সী চমুকৈ ই পি এৰ ওচৰত ইতিমধ্যে অনুমতি বিচাৰি আবেদন কৰা হৈছে। সেউজ সংকেত পালেই ফ্ল’ৰিডা আৰু কেলিফৰ্ণিয়াৰ বিভিন্ন অঞ্চলত পৰ্যায়ক্ৰমে এই পৰীক্ষাগাৰত তৈয়াৰ কৰা মতা মহবোৰ এৰি দিয়া হ’ব।

মহ কমাবলৈ আকৌ মহ কিয় এৰিব লাগে, সেই প্ৰশ্নটো মনলৈ অহাটো স্বাভাৱিক। কিন্তু বিজ্ঞানীসকলৰ ব্যাখ্যা অতি আমোদজনক। এই বিশেষ মতা মহবোৰৰ শৰীৰত ৱলবাচিয়া পিপিয়েণ্টিছ নামৰ এবিধ প্ৰাকৃতিক বেক্টেৰিয়া থাকে। এই মতা মহবোৰে যেতিয়া সাধাৰণ মাইকী মহৰ সৈতে মিলন কৰিব, তেতিয়া মাইকী মহৰ কণী বা ডিম্ববোৰৰ পৰা পোৱালি নোলাব। ফলত লাহে লাহে মহৰ সংখ্যা কমে যাব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মতা মহে মানুহক কামোৰ নামাৰে, কেৱল মাইকী মহেহে কামোৰে আৰু ৰোগ বিয়পায়। গতিকে এই আঁচনিৰ বাবে মানুহৰ ওপৰত মহৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কোনো আশংকা নাই বুলি গৱেষকসকলে জনাইছে।

Apply Now

গুগলে ২০১৪ চনতে নিজৰ গৱেষণা শাখাৰ জৰিয়তে ডিবাগ নামৰ এই প্ৰকল্প আৰম্ভ কৰিছিল। ইয়াৰ একমাত্ৰ লক্ষ্য হৈছে ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰাকৈ অতি সুৰক্ষিত আৰু পৰিৱেশ অনুকূল উপায়েৰে মহৰ পৰা হোৱা ৰোগ নিয়ন্ত্ৰণ কৰা। এই প্ৰকল্পৰ অধীনত বিজ্ঞানী, স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য সংস্থাৰ সৈতে মিলি যৌথভাৱে কাম কৰা হৈছে যাতে ভৱিষ্যতে মহৰ ভয় বহু পৰিমাণে কমাব পৰা যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে বিশ্বজুৰি কোটি কোটি মানুহ মহৰ কামোৰত ৰোগাক্ৰান্ত হয় আৰু বহুতৰে মৃত্যুও হয়।

এই প্ৰযুক্তিটো কিন্তু একেবাৰে নতুন নহয়, ইয়াৰ পূৰ্বেও ই সফল হৈছে। বহু বছৰ ধৰি ক্ষতিকাৰক পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰি অহা হৈছে। আগতে জীৱ-জন্তুৰ শৰীৰত ভয়ংকৰ সংক্ৰমণ বিয়পোৱা নিউ ৱৰ্ল্ড স্ক্ৰুৱৰ্ম আৰু ফল-মূলৰ অনিষ্টকাৰী মাখি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো এই প্ৰযুক্তি সফল প্ৰমাণিত হৈছিল। এতিয়া সেই একেই কৌশল মহৰ বিৰুদ্ধেও প্ৰয়োগ কৰা হৈছে।

অৱশ্যে এই পৰিকল্পনাক লৈ কিছু বিতৰ্ক আৰু চিন্তাও প্ৰকাশ পাইছে। পৰিৱেশবিদসকলৰ এটা অংশই প্ৰশ্ন উত্থাপন কৰিছে যে পৰীক্ষাগাৰত তৈয়াৰ কৰা বা বেক্টেৰিয়াবাহী এই মহবোৰে প্ৰকৃতিৰ ভাৰসাম্যত কিবা অজ্ঞাত প্ৰভাৱ পেলাব নেকি। কিন্তু বিজ্ঞানীসকলৰ মতে এই বেক্টেৰিয়া প্ৰকৃতিত থকা বহু পোক-পৰুৱাৰ শৰীৰত স্বাভাৱিকতে পোৱা যায়। তদুপৰি এই মহবোৰ প্ৰকৃতিত স্থায়ীভাৱে জীয়াই থকাৰ বাবে তৈয়াৰ কৰা হোৱা নাই। যদি এই আঁচনিয়ে চৰকাৰী অনুমতি লাভ কৰে, তেন্তে ই আমেৰিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ মহ নিয়ন্ত্ৰণ অভিযান হিচাপে পৰিগণিত হ’ব। ই সফল হ’লে ভৱিষ্যতে ডেংগু আৰু মেলেৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমগ্ৰ ছবিখনেই সলনি হৈ পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd