NORTHEAST NOW (Assamese)

কাইলৈ গৰু বিহু, কিদৰে অসমীয়াই পালন কৰিব এই বিহু?

April 13, 2025 8:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 13, 2025 7:39 am

কাইলৈ গৰু বিহু। চ’ত মাহ আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া গ্ৰাম্য জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব গৰু বিহু ।

গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি অনুসৰি কাইলৈ পালন কৰিব গৰু বিহু । কৃষকসকলে পুৱাতেই ওচৰৰ নৈ, বিল, পুখুৰীত গা ধুৱাই উদযাপন কৰিব বিহু । গৰুক গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গাব – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ গৰু ।

উল্লেখ্য যে গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়। গৃহস্থই খেৰ, বিহলঙনী আদিৰে জাগ জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে।

বিহুক লৈ চাৰিওফালে উৎসাহ উদ্দীপনা দেখা গৈছে। চহৰত থকা বহু লোকে চহৰ এৰি গাঁৱলৈ ঢাপলি মেলিছে। অসমীয়াৰ বাপতি সাহোন বিহুটিক লৈ সকলোৰে মনত দেখিবলৈ পোৱা গৈছে উছাহ উদ্দীপনা।

Related News