ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ দৰমহা মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯ এপ্ৰিলত এই দৰমহা মুকলি কৰি দিব ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ খ্ৰীষ্টামবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে।
অৱশ্যে কৰ্মচাৰী পৰিষদে কৰা আবেদনৰ ভিত্তিত কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা কৰ্তন কৰি সেই ধনৰে এখন হাস্পতাল নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
‘মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ অধীনৰ শেষৰজন কৰ্মচাৰীলৈকে এদিনৰ দৰমহা প্ৰায় ৬০ কোটি টকা হ’ব। সেইখিনি টকাৰে এখন হাস্পতাল নিৰ্মাণ কৰিব পাৰিব।‘
অৱশ্যে কোনো কৰ্মচাৰীৰ দৰমহা কৰ্তনত আপত্তি থাকিলে তেওঁলোকে ডিডিঅ’ক আপত্তি দৰ্শাব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।
আনহাতে, ৰাজ্যৰ অৰ্থনীতি স্বাভাৱিক অৱস্থাত নাই বুলি মন্তব্য কৰি হিমন্তই কয় ‘এই মাহত আমি একেবাৰে কৰ সংগ্ৰহ কৰিব পৰা নাই। পেট্ৰ’ল ডিপোসমূহো চলা নাই। সামান্য ডিজেল পেট্ৰ’লৰ পৰা পোৱা কৰখিনিও আমি এইমাহত নাপাওঁ।‘
ইপিনে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ অনুৰোধ জনাই হিমন্তই কয় ‘আপোনালোকে দৰমহা লাভ কৰাৰ পাছত ঘৰৰ কাষৰ ৫ টা দুখীয়া পৰিয়ালক কিবা এটা অন্তত সহায় কৰিব লাগে। চাউল দালি আলুকে ধৰি অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰি তেওঁলোকক সহায় কৰিব লাগে।‘
তদুপৰি, অচিৰেই আছাম কেয়াৰ্ছ নামৰ এক ৱেবচাইট মুকলি কৰা হ’ব বুলি উল্লেখ কৰি হিমন্তই আৰু কয় ‘কৰ্মচাৰীসকলে যিধৰণে সহায় কৰে, সেয়া ফটোসহ এই ৱেবচাইটত আপলোড কৰিব পাৰিব। এয়া দৰিদ্ৰ ৰাইজৰ বাবে কৰ্মচাৰীসকলৰ এক বহাগ বিহুৰ উপহাৰ বুলিও ধৰি ল’ব পাৰে।‘
আনহাতে, ১০৮ আৰু ১০৪ সেৱাৰ কৰ্মচাৰীৰ বাবে ৫০ লাখ টকাৰ বীমা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি অহা ৩ মাহলৈ আশাকৰ্মীলৈ আৰু ১০৮ সেৱাৰ কৰ্মচাৰীকো অতিৰিক্তভাৱে এহেজাৰ টকাকৈ দিয়া হ’ব বুলি মন্ত্ৰীয়ে সদৰী কৰে।
আনহাতে, ১০৮ সেৱাৰ গাড়ী চালক আৰু EMTয়েও পাব অতিৰিক্ত ১০০০ টকা। দৰমহাৰ উপৰিও ১০০০ টকা ১০৮ সেৱাৰ গাড়ী চালক আৰু EMTলৈ।
তেওঁ লগতে জনাই যে ৭ দিন COVID-19 ৰোগীক চিকিৎসা কৰা চিকিৎসক আৰু নাৰ্ছক ১৪ দিন একেৰাহে মহানগৰীৰ তাজ ভিভাণ্টাত আড়ম্বৰপূৰ্ণভাৱে ৰখা হ’ব।