কেৱল জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি চৰকাৰে বৈষম্য প্ৰদৰ্শন কৰিলে : উপমন্যু হাজৰিকা

৩০ অক্টোবৰত গুৱাহাটীৰ এক সংবাদমেলত উপমন্যু হাজৰিকা। ফটো : য়ু বি

‘কেৱল জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি চৰকাৰে বৈষম্য প্ৰদৰ্শন কৰিলে।’এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ। নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত এই মন্তব্য কৰি তেওঁ লগতে কয়, ‘আজি অসমৰ ৰাইজ চৰকাৰৰ নীতি আৰু ৰাজনীতিক লৈ চৰম বিভ্ৰান্তি আৰু নিৰাপত্তাহীনতাত ভুগিছে।‘

ভিডিঅ’টোত তেওঁ আৰু কয়, ‘কোনেও নাম নুশুনা নতুনকৈ সৃষ্টি হোৱা বাঙালী নেতাই দীৰ্ঘদিন ধৰি উচতনিমূলক ভাষণ দি থাকিলে তথা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ কতৃপক্ষৰ কোনো অনুমতি নোলোৱাকৈ এখন সমাবেশো অনুষ্ঠিত কৰিবলৈ যো-জা চলাই অসমৰ সমগ্ৰ পৰিবেশটো উত্তাল কৰি তুলিলে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।‘

ইয়াৰ বিপৰীতে, ‘বাঙালী নেতাৰ সমাবেশক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা আলোচনাপন্থী আলফা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰি জেইলত ভৰাই থ’লে’ তেওঁ কয়।

কেৱল আলোচনা পন্থী নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি জেইলত ভৰাই ৰাখিলে অসমৰ ৰাইজৰ মাজত সংঘাতহে বৃদ্ধি কৰিব বুলি তেওঁ লগতে কয়।

ইয়াৰ উপৰি লোকসভা আৰু বিধানসভা দুয়োটা নিৰ্বাচনতে অসমৰ ৰাইজে ভোট দি জয়যুক্ত কৰা বিজেপি দলে তেওঁলোকক শাসনলৈ অনা অসমীয়া আৰু বাঙালী লোকসকলৰ মাজতে ভাষিক সংঘাটৰ সৃষ্টি কৰি বিভাজন আনিছে বুলি মন্তব্য কৰে।