• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 6:56 pm
ফটোঃ এ আই ।

ফটোঃ এ আই ।

37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত অত্যাৱশ্যকীয় কেমোথেৰাপি ঔষধৰ নাটনিয়ে উদ্বেগ বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰই প্লেটিনাম ভিত্তিক গুৰুত্বপূৰ্ণ কৰ্কটৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমোদনৰ খবৰ পোহৰলৈ আহিছে। ফলত হাজাৰ হাজাৰ কৰ্কট ৰোগীয়ে দুটা কথাৰ চাপৰ সন্মুখীন হ’ব পাৰে – এফালে যোগানৰ সংকট আৰু আনফালে সম্ভাৱ্য মূল্যবৃদ্ধি।

চিছপ্লেটিন আৰু কাৰ্ব’প্লেটিনৰ দৰে গুৰুত্বপূৰ্ণ কেমোথেৰাপি ঔষধৰ যোগান দেশৰ বিভিন্ন প্ৰান্তত ব্যাহত হৈ পৰা বুলি দাবী কৰিছে চিকিৎসক আৰু ঔষধ কোম্পানীয়ে। হাওঁফাওঁ, ডিম্বাশয়, জৰায়ু, মূৰ আৰু ডিঙিৰ লগতে আন কেইবাটাও কঠিন কৰ্কট ৰোগৰ চিকিৎসাত দীৰ্ঘদিন ধৰি এই ঔষধ ব্যৱহাৰ হৈ আহিছে।

Apply Now

উদ্যোগটোৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্লেটিনামৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে উৎপাদন ব্যয়ো বহুগুণ বৃদ্ধি পাইছে। কেইবাটাও কোম্পানীয়ে দাবী কৰিছে যে যোৱা এবছৰত প্লেটিনামৰ মূল্য প্ৰায় দুগুণ বৃদ্ধি পাইছে। কিন্তু চৰকাৰী মূল্য নিয়ন্ত্ৰণৰ বাবে সেই অতিৰিক্ত খৰচ বজাৰত প্ৰতিফলিত কৰা সম্ভৱ হোৱা নাই।

এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি উৎপাদক কোম্পানীসমূহে মূল্য সীমা পুনৰীক্ষণৰ দাবী জনাই আহিছে। বিভিন্ন সূত্ৰৰ মতে, চিছপ্লেটিন, কাৰ্ব’প্লেটিন আৰু অক্সালিপ্লেটিনৰ দৰে কৰ্কটৰ ঔষধৰ মূল্য বৃদ্ধিৰ প্ৰস্তাৱৰ ওপৰত কেন্দ্ৰীয় পৰ্যায়ত আলোচনা আগবাঢ়িছে আৰু মূল্য পুনৰীক্ষণৰ পথত ইতিবাচক স্থিতি গ্ৰহণ কৰা হৈছে।

ঔষধ নিৰ্মাতাসকলৰ এটা অংশই দাবী কৰে যে বৰ্তমানৰ মূল্যত উৎপাদন অব্যাহত ৰখাটো আৰ্থিকভাৱে কঠিন হৈ পৰিছে। কিছুমান কোম্পানীয়ে উৎপাদন হ্ৰাস কৰাৰ বিপৰীতে কিছুমান কোম্পানীয়ে সাময়িকভাৱে উৎপাদন বন্ধ কৰি দিছে। ইয়াৰ বাবে চিকিৎসালয় আৰু বিতৰণ নেটৱৰ্কৰ ওপৰত যোগানৰ চাপ বৃদ্ধি পাইছে।

বিশেষজ্ঞসকলে আশংকা কৰিছে যে যদি এই সংকট দীৰ্ঘদিন ধৰি থাকে তেন্তে কৰ্কট ৰোগীৰ চিকিৎসা চক্ৰত ব্যাঘাত জন্মিব পাৰে। কেমোথেৰাপিৰ নিৰ্দিষ্ট সময়সূচী মানি চলাটো অতি গুৰুত্বপূৰ্ণ। ঔষধৰ অভাৱত চিকিৎসা পলম হ’লে ৰোগীৰ সুস্থ হোৱাৰ সম্ভাৱনা আৰু চিকিৎসাৰ ফলপ্ৰসূতাত প্ৰভাৱ পৰিব পাৰে।

বৰ্তমান চৰকাৰৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰোগীৰ বাবে ঔষধৰ উপলব্ধতা নিশ্চিত কৰা আৰু একে সময়তে মূল্যবৃদ্ধিৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰা। কাৰণ উৎপাদন বজাই ৰাখিবলৈ মূল্য বৃদ্ধিৰ প্ৰয়োজন হ’লেও ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ কেন্সাৰ চিকিৎসাৰ সামগ্ৰিক খৰচত পৰিব পাৰে।

কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা জীৱন ৰক্ষাকাৰী ঔষধৰ সংকট এতিয়া জনস্বাস্থ্য ব্যৱস্থাৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। আগন্তুক দিনত মূল্যবৃদ্ধি আৰু যোগানৰ পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণ কৰা হ’ব তালৈ চিকিৎসক, ৰোগী আৰু স্বাস্থ্য নীতি বিশেষজ্ঞৰ দৃষ্টি ৰৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd