• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১১ চনৰ পৰা ১৬ লাখতকৈও অধিক ভাৰতীয়ই এৰিছে দেশ; কিয় বৃদ্ধি পাইছে নাগৰিকত্ব ত্যাগৰ প্ৰৱণতা?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 10, 2023 8:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয়সকলে নাগৰিকত্ব এৰাৰ প্ৰৱণতা কিয় বৃদ্ধি পাইছে? যোৱা ১২ বছৰত ১৬ লাখতকৈও অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰ ভিতৰত ২০২২ চনতেই ২.২৫ লাখ লোকে দেশ এৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এইকথা সদৰী কৰিছে।

কৰোনাৰ লকডাউনৰ সময়ত হাজাৰ হাজাৰ ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছিল। যদিও ২০২০ চনতো ব্যতিক্ৰম, ২০১১ চনৰ পৰা ভাৰতীয়সকলে নাগৰিকত্ব ত্যাগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ৰাজ্যসভাৰ চৰকাৰী বিবৃতিতে এই কথা স্পষ্ট হৈছে।

বৃহস্পতিবাৰে, ৰাজ্যসভাৰ এগৰাকী সদস্যই জানিব বিচাৰিছিল যে এতিয়ালৈকে কিমান জন ভাৰতীয় নাগৰিকে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। সদস্যগৰাকীৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে ২০১১ চনৰ পৰা ১৬ লাখ ৬৩ হাজাৰ ৪৪০ জন ভাৰতীয়ই দেশ ত্যাগ কৰিছে।

Apply Now

তেওঁ জনায় যে কেৱল ২০২২ চনতে এই সংখ্যা আছিল ২লাখ ২৫ হাজাৰ ৬২০জন। এইটো এতিয়ালৈকে সৰ্বাধিক। অৱশ্যে, এই সংখ্যা ২০২০ চনত সৰ্বনিম্ন আছিল। সেই সময়ত ৮৫ হাজাৰ ২৫৬ জন ভাৰতীয়ই দেশ ত্যাগ কৰিছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত জনোৱা মতে  ২০১১ চনত ১ লাখ ২২ হাজাৰ ৮১৯  জন ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১২ চনত ১ লাখ ২০ হাজাৰ ৯২৩ জন, ২০১৩ চনত ১ লাখ ৩১ হাজাৰ ৪০৫ জন আৰু ২০১৪ চনত ১ লাখ ২৯ হাজাৰ ৩২৮ জন ভাৰতীয়ই দেশ ত্যাগ কৰিছিল।

জয়শংকৰে লগতে জনায় যে ২০১৫ চনত নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা আছিল ১,৩১,৪৮৯ জন। ২০১৬ চনত সেই সংখ্যা ১ লাখ ৪১ হাজাৰ ৬০৩  লৈ বৃদ্ধি হৈছিল। ইয়াৰ তুলনাত ২০১৭ চনত নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা সামান্য হ্ৰাস পাইছে। সেই বছৰত, ১,৩৩,০৪৯ জন লোকে নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১৮ চনত ১ লাখ ৩৪ হাজাৰ ৫৬১ জন লোকে আৰু ২০১৯ চনত ১ লাখ ৪৪ হাজাৰ ১৭ জন লোকে ভাৰত ত্যাগ কৰিছিল।

চৰকাৰী তথ্য অনুসৰি, কৰোনা সংক্ৰমণ হ্ৰাস হোৱাৰ লগে লগে দেশ এৰি যোৱাৰ প্ৰৱণতা পুনৰ বৃদ্ধি হয়। ২০২১ চনত মুঠ ১,৬৩,৩৭০ জন ভাৰতীয় নাগৰিকে দেশ এৰি যোৱা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে জনায়। জয়শংকৰে লগতে জনায় যে যিসকল ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে তেওঁলোকে ১৩৫ খন দেশত আশ্ৰয় লৈছে।

ইপিনে, কেইদিনমান পূৰ্বে জনা গৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেছাদাৰী সংস্থাসমূহৰ পৰা বহু ভাৰতীয়ক ছাঁটাই কৰা হৈছে। এক অতিৰিক্ত প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ভি মুৰলীধৰণে কয় যে ভাৰত চৰকাৰে বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd