‘প্ৰধানন্ত্ৰী ভায়া বন্দনা যোজনা’ (PMVVY) আঁচিনয়ে দেশৰ নাগিৰকলৈ কঢ়িয়াই আনিছে সুখবৰ।
এই আঁচনিৰ অধীনত ৬০ বছৰ উৰ্দ্ধৰ নাগৰিকে ১০ বছৰৰ বাবে নিয়মীয়াকৈ লাভ কৰিব ১০ হাজাৰলৈকে পেন্সন।
উল্লখ্যে যে ‘প্ৰধানমন্ত্ৰী ভায়া বন্দনা যোজনা’ অধীনত ১০ বছৰীয়া পেন্সন আঁচনিত এই সুবিধা উপলব্ধ হ’ব। এই আঁচনিৰ অধীনত ৬০ বছৰ উৰ্দ্ধৰ ব্যক্তিয়ে মাহেকীয়া, তিনিমহীয়া, ছমহীয়া আৰু বছৰেকীয়া নিয়মিতভাৱে ১০ বছৰলৈকে লাভ কৰিব পেন্সন। আনহাতে ষাঠি উৰ্দ্ধৰ ব্যক্তিৰ জীৱন সঙ্গী জীয়াই থাকিলে এই পেন্সন ২০ হাজাৰ পৰ্যন্তলৈকে পাব।
অৱশ্যো ইয়াৰ বাবে বিভিন্ন মুদত জমা কৰিব লাগিব ১৫ লাখ টকা। PMVVY আঁচিনৰ অধীনত পলিচি ক্ৰয় কৰিবৰ বাবে বয়স সময়সীমা নিৰ্ধাৰণ কৰা হো ৱানাই।
PMVVYৰ নিৰিখ
চিম্পল পেন্সন ৰেট (SPR) ৰ অধনীত ১ হাজাৰ টকাৰ বিনিময়ত তলত দিয়া ধৰণে বিভিন্ন প্ৰকাৰে দিব পাৰিব।
- বছৰেকীয়া ৮৩.০০ টকা
- ছমহীয়া ৮১.০০ টকা
- তিনিমহীয়া ৮০.৫০ টকা
- মাহিলি ৮০.০০ টকা
১ হাজাৰ টকাৰ SPR ৰ জৰিয়তে ১০ লাখ টকা জমা কৰিলে ব্যক্তিজনে মাহিলি পেন্সন লাভ কৰিব ৬৬৬৭ টকা।
PMVVY ৰ অধীনত ৰিটাৰ্ন পাবলগীয়া সুতৰ পৰিমাণ
পেন্সন প্লেনৰ ওপৰত নিৰ্ভৰ কৰি PMVVYএ তলত উল্লেখ কৰাৰ ধৰণে ৰিটাৰ্ণ দিব।
বছেৰকীয়া মুদত PMVVYৰ সুতৰ হাৰ ছমহীয়াত ৮.৩ শতাংশ, বছৰেকীয়াত ৮.১৩ শতাংশ, তিনিমহীয়াত ৮.০৫ শতাংশ আৰু মাহেকীয়াত ৮ শতাংশ সুত লাভ কৰিব।
PMVVY ৰ অধীনত বিনিয়োগ পৰিমাণ তালিকা
PMVVYৰ অধীনত কৰা বিনিয়োগক ক্ৰয় মূল্য বুলি কোৱা হৈছে। ইয়াৰে পেন্সন ক্ৰয় মূল্য ন্যূনতম ১.৫ লাখৰ পৰা সৰ্বাধিক ১৫ লাখ টকালৈ থাকিব।
পেন্সনৰ মুদ :–
বছৰেকীয়া
ন্যূনতম ক্ৰয় মূল্য- ১,৪৪,৭৭৮ টকা
সৰ্বাধিক ক্ৰয় মূল্য- ১৪,৪৫,৭৮৩ টকা
ছমহীয়া
ন্যূনতম ক্ৰয় মূল্য- ১,৪৭,৬০১ টকা
সৰ্বাধিক ক্ৰয় মূল্য- ১৪,৭৬,০১৫ টকা
তিনিমহীয়া
ন্যূনতম ক্ৰয় মূল্য- ১,৪৯০৬৮ টকা
সৰ্বাধিক ক্ৰয় মূল্য- ১৪,৯০,৬৮৩ টকা
মাহেকীয়া
ন্যূনতম- ১,৫০,০০ টকা
সৰ্বাধিক- ১৫,০০,০০ টকা
PMVVY পেন্সন এমাউন্ট
বছৰেকীয়া পেন্সন ন্যূনতম ১২,০০০ টকাৰ বাবে ক্ৰয় মূল্য ১,৪৪,৫৭৮ টকা আৰু বছৰেকীয়া সৰ্বাধিক পেন্সনৰ বাবে ১৪,৪৫,৭৮৩ টকা হ’ব।
ন্যূনতম পেন্সন
- প্ৰতি মাহে ১,০০০ টকা
- প্ৰতি মাহে ৩,০০০ টকা
- প্ৰতি মাহে ৬,০০০ টকা
- প্ৰতি মাহে ১২,০০০ টকা
সৰ্বাধিক পেন্সন
- প্ৰতি মাহে ১০,০০০ টকা
- প্ৰতি মাহে ৩০,০০০ টকা
- প্ৰতি মাহে ৬০,০০০ টকা
- প্ৰতি মাহে ১,২০,০০০ টকা
পেন্সন এমাউন্টৰ ওপৰত নিৰ্ভৰ কৰি PMVVY অধীনত প’লিচি হ’ল্ডাৰে পলিচি ক্ৰয় কৰিব পাৰিব। যদি ছমহীয়া মুদৰ ৬০,০০০ টকা হয়, তেনে পেন্সনৰ বাবে বিনিয়োগ কৰিব লাগিব ১৪,৭৬,০১৫ টকা।
PMVVYৰ অধীনত LIC ৰ দ্বাৰা অনলাইন আৰু অফলাইনযোগে আবেদন কৰিব পাৰিব।