• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব লাগিব চৰকাৰ : মমতা বেনাৰ্জী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2020 6:44 pm
West-Bengal-CM-Mamata-Banerjee-COVID-19-pti

ফাইল ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৱ লাডাখত চীনৰ সেনাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছতে চীনৰ বিৰুদ্ধে ভাৰতে এলানি অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে।

সেই মৰ্মে ভাৰতে চীনৰ ৫৯ টা এপ নিষিদ্ধ কৰিছে।

Apply Now

ভাৰতে আনকি চীনৰ সম্ভাৱ্য আক্ৰমণৰ আশংকা কৰি সাগৰীয় পথত ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰতে আজি এই বুলি কৈছে যে চীন ভাৰতৰ বাবে এতিয়া মুঠেও বিশ্বাসযোগ্য দেশ নহয়।

সেয়ে দেশখনৰ সকলো গতি বিধি ভাৰতে নজৰত ৰাখিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে এই বুলি কৈছিল যে চীনা সেনাৰ নৃশংসতাৰ সমূচিত উত্তৰ দিয়া হ’ব।

চীনৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা স্থিতিক পোণপটীয়াকৈ সমৰ্থন নকৰি বংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এই বুলি কয় যে কেৱল চীনৰ সামগ্ৰী বৰ্জন কৰিলেই নহ’ব, চীনৰ বিৰুদ্ধে ভাৰত কঠোৰো হ’ব লাগিব।

সামগ্ৰী বৰ্জন চৰকাৰে কেৱল দেখুৱাবলৈ কৰিলে নহ’ব বুলি কৈ মমতাই কয় যে লাডাখ আৰু দেশৰ আন প্ৰান্তত চীনে যি আগ্ৰাসন কৰিছে সেয়া বন্ধ হ’ব লাগিব।

চীনৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত মানি ল’ব বুলিও মমতাই কয়।

উল্লেখ্য যে, শেহতীয়াকৈ ক’ৰ’নাৰ সংক্ৰমণক লৈ বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনৰ সৈতে কেন্দ্ৰৰ সংঘাতৰ সৃষ্টি হৈছিল।

তৃণমূলৰ একাধিক সাংসদে আনকি চীন সংকট সন্দৰ্ভত মোডীৰ চৰকাৰখনক চোকা ভাষাৰে সমালোচনাও কৰিছিল।

মোডীৰ চৰকাৰে সময় থাকোতেই চীনৰ সেনাক বাধা দিবলৈ সক্ষম নোহোৱা বুলিও তৃণমূল সাংসদে অভিযোগ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd