সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি জনজীৱন স্থবিৰ কৰি তুলিছে।
কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, টীয়ক পৌৰসভা আৰু টীয়ক আৰক্ষী থানাৰ সৌজন্যত টীয়ক অগ্নিনিৰ্বাপক বাহিনীৰ বিশেষ সহযোগত টীয়ক ৰাজ্যিক বাছ আস্থান, টীয়ক ৰাজহ চক্ৰ কাৰ্যালয়, টীয়ক পৌৰসভা, কলিয়াপানী খণ্ড উন্নয়ন কাৰ্যালয়, পূব যোৰহাট শিক্ষা খণ্ডৰ কাৰ্যালয়, টীয়ক এফআৰইউ, টীয়ক আৰক্ষী থানা, উপ-কোষাগাৰ, টীয়ক বৈদ্যুতিক সংমণ্ডল, টীয়কৰ তেল ডিপোসমূহ, সমূহ বেংক, ব্যৱসায়ী প্ৰতিষ্ঠান বৰা বজাৰ, হস্পিটেল তিনিআলি, টীয়ক আৰু জগদুৱাৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ লগতে অন্যান্য ৰাজহুৱা স্থানসমূহত আজি চেনিটাইজ কৰে।
শুভাৰম্ভণি অনুষ্ঠানটি আঁত ধৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰণ্টু ভূঞাই। কাৰ্যসূচী অনুষ্ঠানিভাৱে মুকলি কৰি টীয়ক ৰাজহ চক্ৰ বিষয়া লিনা পাৱে ৰাইজক চৰকাৰৰ নীতি আৰু নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।
এই চেনিটাইজেশ্যন কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগে কোভিডৰ এই দুৰ্যোগৰ সময়ত ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
আনহাতে ছাত্ৰ নেতা ৰন্টু ভূঞাই সংবাদ মাধ্যমৰ আগত কোভিডৰ এই সংহাৰীৰ সময়ত ৰাইজে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে।
আজিৰ এই কাৰ্যসূচীত টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সতীশ চাহু, টীয়ক এছবিআইৰ মহাপ্ৰবন্ধক পিনাক কৌশিক দত্ত, টীয়ক পৌৰসভাৰ, অভিযন্তা আহমেদ, কৰ্মচাৰী ৰাজেন নেওগ, টীয়ক আছুৰ উপদেষ্টা প্ৰীতমজ্যোতি শইকীয়া, প্ৰশান্ত দোলাকাষৰীয়া, দীপাংকৰ বেজবৰা, সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰা, টীয়ক আছুৰ সদস্য ভাস্কৰ গগৈকে ধৰি বহু ছাত্ৰ কৰ্মী উপস্থিত থাকে।