NORTHEAST NOW (Assamese)

লাডাখত চহিদ হোৱা চিপাহী গনেশ ৰাম কুনজামৰ নামত নামাকৰণ কৰা হ’ব চত্তিশগড়ৰ এখন বিদ্যালয়

June 19, 2020 9:31 pm · এন ই নাও নিউজ
Updated: June 19, 2020 9:34 pm
চিপাহী গনেশ ৰাম কুনজাম

ভাৰত-চীন সীমান্তৰ গলৱান উপত্যকাত ১৫ জুনৰ নিশা চীনা সৈন্যৰ পৰিকল্পিত আক্ৰমণত চহিদ হোৱা চিপাহী গনেশ ৰাম কুনজামৰ নামত নামাকৰণ কৰিব চত্তিশগড়ৰ এখন বিদ্যালয়।

চত্তিশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যখনৰ গিধালী গাঁৱৰ চৰকাৰী বিদ্যালয়খন গনেশ ৰাম কুনজামৰ নামত নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে।

মুখ্য মন্ত্ৰী বাঘেলে চিপাহী গনেশ ৰাম কুনজামৰ পৰিয়াললৈ ২০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে পৰিয়ালৰ এগৰাকী লোকক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব বুলিও লগতে ঘোষণা কৰে।

উল্লেখযোগ্য যে, ১৫ জুনৰ নিশা চীনা সৈন্যই ভাৰতীয় পহৰাদাৰী সেনা বাহিনীৰ এটা গোটৰ ওপৰত অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

এই আক্ৰমণত ভাৰতৰ ২০ গৰাকী সেনা জোৱান আৰু বিষয়া চহিদ হোৱাৰ লগতে ভালকেইগৰাকী আঘাতপ্ৰাপ্ত হয়।

চীনৰ এই আক্ৰমণৰ পাছতে ভাৰতে সীমান্তত শক্তি বৃদ্ধি কৰিছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে চীনৰ আক্ৰমণক পূৰ্ব পৰিকল্পিত আখ্যা দিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো আজি ভবিষ্যত পৰিকল্পনা সন্দৰ্ভত বিৰোধী দল সমূহৰ সৈতে আলোচনাত মিলিত হৈছে আৰু চীনক কোনো কাৰণতে ভাৰতৰ ভূমি এৰি দিয়া নহ’ব বুলি প্ৰধান মন্ত্ৰীয়ে কয়।

Related News