তিনিখনকৈ কৃষি বিধেয়ক বাতিলৰ দাবীত বিগত ১৪ দিন ধৰি দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ সৈতে চৰকাৰে ইতিমধ্যে পাঁচলানি আলোচনা কৰিছে।
তিনিও খন কৃষি বিধেয়ক বাতিলৰ দাবীত অটল হৈ থকা কৃষকসকলৰ প্ৰতি আজি কেন্দ্ৰীয় চৰকাৰে পাঁচটা বিশেষ প্ৰস্তাৱ প্ৰেৰণ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কৃষকসকলৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছতে কেন্দ্ৰই কৃষকসকলক ক্ষান্ত কৰিবলৈ এই পাঁচটা প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি ধাৰণা কৰা হৈছে।
কেন্দ্ৰই প্ৰেৰণ কৰা পাঁচটা প্ৰস্তাৱৰ ভিতৰত প্ৰথম প্ৰস্তাৱটোত এই বুলি আস্বাস দিয়া হৈছে যে কৃষকসকলক তেওঁলোকৰ ফচলৰ বাবে নূন্যতম সমৰ্থন মূল্য আদায় দিয়া হ’ব।
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টমাৰে লগতে কৈছে যে চৰকাৰে কৃষকসকলৰ পৰা ফচল ক্ৰয় কৰিব।দ্বিতীয় প্ৰস্তাৱ অনুসৰি চৰকাৰে কৃষি মাণ্ডি সমূহ অধিক শক্তিশালী কৰি তুলিব।
তৃতীয় প্ৰস্তাৱ অনুসৰি কৃষকৰ ফচল কিনিব বিচৰা প্ৰতিষ্ঠান সমূহ বিধিগত ভাবে পঞ্জীয়নকৃত হ’ব লাগিব।চতুৰ্থতে চুক্তি ভিত্তিক কৃষিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’লে খেতিয়কসকলে আদালতলৈ যাব পাৰিব।
পঞ্চমতে শস্যৰ অৱশিষ্ট অংশ জ্বলাই দিয়াৰ ক্ষেত্ৰত পূৰ্বে ঘোষণা কৰা কঠোৰ আইনৰ সংশোধন কৰা হ’ব।কেন্দ্ৰই দিয়া এই পাঁচটা প্ৰস্তাৱ সন্দৰ্ভত কৃষকসকলে আলোচনা কৰিহে সিদ্ধান্ত জনাব বুলি কৈছে।
কৃষকসকলে লগতে এই বুলিও কৈছে যে কেন্দ্ৰই যি প্ৰস্তাৱেই নিদিওঁক কিয়, কৃষি আইন কেইখন পিছে বাতিল কৰিবই লাগিব।