• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2026 12:57 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষক দিৱসৰ বিশেষ দিনটোত ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক সন্মান জনাব অসম চৰকাৰে। ৰাজ্যৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি হিচাপে ১৪খন জিলাৰ এই শিক্ষকসকলক ৰাজ্যিক শিক্ষক বঁটা ২০২৬ প্ৰদান কৰা হ’ব।

গুৱাহাটীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে ৬৫সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হ’ব। মাধ্যমিক আৰু প্ৰাথমিক শিক্ষাৰ বিভিন্ন শিক্ষানুষ্ঠানত সেৱা আগবঢ়াই অহা অধ্যক্ষ, স্নাতকোত্তৰ শিক্ষক, সহকাৰী শিক্ষক, প্ৰধান শিক্ষকসহ বিভিন্ন পৰ্যায়ৰ শিক্ষকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

Apply Now

ৰাজ্যিক পৰ্যায়ৰ বাছনি সমিতিৰ পৰামৰ্শৰ ভিত্তিত শিক্ষকসকলক নিৰ্বাচন কৰাৰ পাছত ৰাজ্য চৰকাৰে সেই তালিকাত অনুমোদন জনায়। অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বঁটা লাভ কৰা শিক্ষকসকলৰ তালিকা প্ৰকাশ কৰিছে। ইয়াৰে নজন শিক্ষক মাধ্যমিক শিক্ষা শাখাৰ আৰু ছয়জন শিক্ষক প্ৰাথমিক শিক্ষা শাখাৰ পৰা নিৰ্বাচিত হৈছে।

মাধ্যমিক শিক্ষা শাখাত বঁটা লাভ কৰা শিক্ষকসকলৰ ভিতৰত আছে যোৰহাটৰ মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া আৰু শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীণ কোঁচ।

ইয়াৰ লগতে বৰপেটাৰ পি এম শ্ৰী ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ পি এম শ্ৰী জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বৰাপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানিক চন্দ্ৰ নাথ আৰু কোকৰাঝাৰৰ হৰিণাগুৰি উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষক বিবি প্ৰসাদ ব্ৰহ্মাও ৰাজ্যিক শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ পৰা দুগৰাকী শিক্ষকক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। আনহাতে বাকী ১৩খন জিলাৰ পৰা এগৰাকীকৈ শিক্ষকক বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যালয় শিক্ষাৰ সৈতে জড়িত হৈ নিষ্ঠা আৰু দায়িত্ববোধেৰে সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ অৱদানক সন্মান জনোৱাৰ বাবেই এই বঁটা প্ৰদান কৰা হৈছে।

শিক্ষক হৈছে সমাজ গঢ়াৰ অন্যতম মূল কাৰিকৰ। শিক্ষাৰ পোহৰেৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়ি তোলা এই শিক্ষকসকলক শিক্ষক দিৱসৰ দিনা ৰাজ্যিক সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্তই বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু অৱদানৰ প্ৰতি এক বিশেষ স্বীকৃতি কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd