• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শিৱসেনা বিতৰ্ক: ৰাজ্যপাল কোশিয়াৰীৰ ভূমিকাক লৈ কঠোৰ উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2023 9:13 pm
Supreme Court on Sena Case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসেনাৰ উদ্ধৱ থাকৰে গোট আৰু সিন্দে গোটৰ মাজত হোৱা বাদানুবাদ আৰু এই ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীৰ ভূমিকা সন্দৰ্ভত আজি কঠোৰ স্থিতি লয় উচ্চতম ন্যায়ালয়ে। সেনা বনাম সেনা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষত উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰক ক্ষমতাচ্যুত কৰা মহাৰাষ্ট্ৰৰ আস্থা ভোটত ৰাজ্যপাল কোশিয়াৰীৰ ভূমিকা সন্দৰ্ভত পৰ্যৱেক্ষণ কৰি ৰাজ্যপালৰ কৰ্তব্য সোঁৱৰাই দিয়ে।

ৰাজ্যপাল কোশিয়াৰীৰ স্থিতিক কঠোৰ সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে ৰাজ্যপালে সতৰ্কতাৰে ক্ষমতা প্ৰয়োগ কৰিব লাগিব আৰু আস্থা ভোটৰ আহ্বানে যে চৰকাৰক ক্ষমতাচ্যুত কৰিব পাৰে সেই বিষয়ত সজাগ হ’ব লাগিব। কেৱল শাসকীয় দলৰ ভিতৰৰ মতানৈক্যৰ ভিত্তিত আস্থা ভোটৰ আহ্বানে নিৰ্বাচিত চৰকাৰক উৎখাত কৰিব পাৰে বুলিও ন্যায়ালয়ে সোঁৱৰাই দিয়ে।

Apply Now

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয়, “ৰাজ্যপালে সচেতন হ’ব লাগিব যে আস্থা ভোটৰ আহ্বানৰ ফলত চৰকাৰৰ পতন ঘটিব পাৰে। চৰকাৰৰ পতনৰ গতি ক্ষীপ্ৰ কৰা কোনো ক্ষেত্ৰতে ৰাজ্যপালে প্ৰৱেশ কৰা উচিত নহয়। জনসাধাৰণে শাসকীয় দলটোক অবিশ্বাস কৰিবলৈ ল’ব আৰু ৰাজ্যপালে শাসকীয় দলটোক উৎখাত কৰিব। এয়া গণতন্ত্ৰৰ বাবে এক দুখজনক দৃশ্য।”

বিচাৰপীঠে লগতে ৰাজ্যপালসকলে তেওঁলোকৰ ক্ষমতা যথোপযুক্ত পৰ্যবেক্ষণৰ ভিত্তিত ব্যৱহাৰ কৰিব লাগিব বুলিও উল্লেখ কৰে। উল্লেখ্য যে, সিন্দে গোটৰ বিসম্বাদৰ ফলশ্ৰুতিত মহাৰাষ্ট্ৰত ক্ষমতা হেৰুৱাইছিল উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰে। বিগত মাহত নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম আৰু দলীয় প্ৰতীক একনাথ সিন্দে গোটক প্ৰদান কৰিছিল।

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল উদ্ধৱ থাকৰে। সিন্দে চৰকাৰৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি থাকৰেই যুক্তি দৰ্শাইছে যে আস্থা ভোটৰ সময়ত সিন্দে আৰু আন ১৫ গৰাকী বিসম্বাদী বিধায়কক অযোগ্য ঘোষণা কৰা হৈছিল। এই গোচৰৰ শুনানি গ্ৰহণকৰি উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল কোশিয়াৰীক এই আস্থা ভোটৰ আধাৰ কি আছিল, সেই সন্দৰ্ভত তীক্ষ্ণ প্ৰশ্ন তুলিছে।

বিচাৰপীঠে কয় যে, এটা দলৰ ভিতৰত বিধায়কসকলৰ মাজত উন্নয়ন পুঁজি পৰিশোধ বা দলীয় লোকাচাৰৰ পৰা বিচ্যুতিৰ দৰে যিকোনো ভিত্তিত মতভেদ হ’ব পাৰে। কিন্তু সেয়া ৰাজ্যপালে আস্থা ভোটৰ বাবে আহ্বান জনোৱাৰ বাবে পৰ্যাপ্ত ভিত্তি হ’ব পাৰে নেকি বুলি প্ৰশ্ন কৰে আদালতে।

শীৰ্ষ আদালতৰ এই প্ৰশ্নৰ উত্তৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিদ্ৰোহী বিধায়কসকলে উদ্ধৱ থাকৰেৰ ওপৰত আস্থা হেৰুৱাইছে বুলি যুক্তি দৰ্শাই যদিও মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে দলৰ অসন্তুষ্টিৰ বাবে ৰাজ্যপালে আস্থা ভোটৰ আহ্বান জনোৱাটো ন্যায়সঙ্গত নহয় বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd