• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ বান বিধ্বস্ত অঞ্চলত ৰাজ্যপাল জগদীশ মুখী 

উত্তম শইকীয়া by উত্তম শইকীয়া
July 21, 2019 5:10 pm
Governor visit

ফটো : নৰ্থ-ইষ্ট নাও

535
VIEWS
Share on FacebookShare on Twitter

‘অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা কৰাৰ দাবীতকৈ ইয়াৰ স্থায়ী সমাধানৰ দাবী কৰাহে উচিত। অসমত হোৱা বানপানীৰ প্ৰভাৱ কাশ্মীৰত নপৰে ৷ বানপানী অসমৰ বাবে এটা জটিল সমস্যা ৷ কেন্দ্ৰৰ সহযোগত স্থানীয় ভাৱে এই সমস্যাৰ স্থায়ী সমাধান হ’ব লাগে’। আজি কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি সাংবাদিকক এই দৰে কয় অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৷ 

দেওবাৰে কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল’বৰ বাবে হেলিকপ্তাৰেৰে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অৱতীৰ্ণ হয় ৰাজ্যপাল গৰাকী। তাৰ পাছতেই তেওঁ বোকাখাত নগৰৰ নামদৈয়াং প্ৰাথমিক বিদ্যালয়ত থকা বন্যাৰ্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকৰ সৈতে তেওঁলোকৰ সমস্যাৰ বুজ লয়।

শিৱিৰত আশ্ৰয় লৈ থকা লোক সকলৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যপাল গৰাকীয়ে পানী শুকোৱাৰ পাছত নিজৰ নিজৰ বাসগৃহলৈ ওভতি যোৱা পৰিয়াল সমূহক কিছু দিনৰ বাবে বান সাহায্য দিবৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। 

ইয়াৰ উপৰি তেওঁ বানৰ পাছত হ’ব পৰা ৰোগ প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত পৰিমানে ব্লিচিং পাউদাৰ আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবৰ বাবেও প্ৰশাসনক আহ্বান জনায় ৷

নামদৈয়াং বনশিৱিৰৰ পাছতে তেওঁ ডিফলু পথাৰ শিৱিৰ পৰিদৰ্শন কৰি কাজিৰঙাৰ মিহিমুখত উপস্থিত হয় ৷ ৰাজ্যপালৰ এই ভ্ৰমনত সহযোগ কৰে বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জিলা উপায়ুক্ত আৰু কাজিৰঙাৰ বিষয়া বৰ্গই।

কাজিৰঙাত তেওঁ মিহিমুখৰ পৰাই বান পৰিস্থিতিৰ বুজ লৈ বন বিষয়াৰে ৰাষ্ট্ৰীয় উদ্যানত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। লগতে ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে আৰু অধিক হাইলেণ্ড নিৰ্মানৰ বাবে পৰামৰ্শ দিয়ে। প্ৰতিকুল বতৰৰ বাবেই কাজিৰঙাৰ মিহিমুখ দৰ্শন কৰিয়েই পুনৰ হেলিকপ্তাৰেৰে উৰা মাৰে ৰাজ্যপাল গৰাকীয়ে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd