ৰাজভৱনত কৰ্মৰত মহিলাক যৌন নিৰ্যাতন ৰাজ্যপালৰ! ভুক্তভোগী মহিলাই দাখিল কৰিলে এজাহাৰ

পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। ৰাজভৱনত কৰ্মৰত এগৰাকী মহিলাই ৰাজ্যপালৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ। ইতিমধ্যে ৰাজ্যপালৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।

জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া মহিলাগৰাকীয়ে ৰাজভৱনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত গৈ ৰাজ্যপাল চি ভি আনন্দ বসুৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ  অভিযোগ দাখিল কৰে।

ইয়াৰ পিছতে মহিলাগৰাকীক হেৰে ষ্ট্ৰীট আৰক্ষী থানালৈ লৈ যোৱা হয়। মহিলাগৰাকীয়ে ৰাজ্যপাল চি ভি আনন্দ বসুৰ বিৰুদ্ধে নিৰ্যাতনৰ এজাহাৰ দাখিল কৰে।

এই গুৰুতৰ অভিযোগ লাভ কৰাৰ পিছত কলিকতা আৰক্ষীয়ে এই গোচৰ সম্পৰ্কে তাৎক্ষণিক তদন্ত আৰম্ভ কৰিছে।

ইফালে ৰাজ্যপালৰ বিৰুদ্ধে ইমান গুৰুতৰ অভিযোগ দাখিল কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ। দলটোৰ ৰাজ্যসভাৰ সাংসদ সাগৰিকা ঘোষে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘বংগৰ ৰাজ্যপাল চিভি আনন্দ বসুৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। ৰাজপ্ৰসাদৰ মৰ্যাদাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতাত উপস্থিত হৈ ৰাজভৱনত নিশা কটাব। মোদীয়ে চিভি আনন্দ বসুৰ পৰা এই ঘটনাৰ ব্যাখ্যা বিচাৰিবনে?”

আনহাতে, ৰাজ্যপালগৰাকীয়েও তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চিভি আনন্দ বসুৰ দাবী যে সমগ্ৰ ঘটনাটো ইচ্ছাকৃত। তেওঁ কয় যে কোনোবাই যদি মোক অপমান কৰি নিৰ্বাচনী সুবিধা বিচাৰিছে তেন্তে ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰক। কিন্তু বংগত দুৰ্নীতি আৰু হিংসাৰ বিৰুদ্ধে মোৰ যুঁজখন তেওঁলোকে বন্ধ কৰিব নোৱাৰে।”