NORTHEAST NOW (Assamese)

পঞ্জীয়নভুক্ত কোম্পানীৰ ঠিকনাৰ প্ৰমাণীকৰণ সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

August 21, 2022 8:12 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: August 21, 2022 8:13 pm

দেশত এতিয়া বহু ভুৱা কোম্পানীয়ে মূৰ দাঙি উঠাৰ পৰিপ্ৰেক্ষিততে এই বিষয়ত চৰকাৰ বহু পৰিমাণে কঠোৰ হৈছে৷পঞ্জীয়নভুক্ত কোম্পানীৰ ঠিকনাৰ চৰজমিন প্ৰমাণীকৰণৰ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তুলিবলৈ চৰকাৰে কোম্পানীৰ পঞ্জীয়নৰ নিয়ম সংশোধন কৰিছে।

এতিয়া প্ৰমাণীকৰণৰ সময়ত পঞ্জীয়নভুক্ত কোম্পানীৰ কাৰ্যালয়ৰ ফটো তোলাৰ পদ্ধতি আৰু স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতি গ্ৰহণ কৰা হ’ব। কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে কোম্পানীআইন, ২০১৪ অনুসৰি কোম্পানীৰ ঠিকনা প্ৰমাণীকৰণৰ নিয়মবোৰ সংশোধন কৰিছে। নতুন নিয়মবোৰ ইতিমধ্যে অধিসূচনা জাৰিৰ পিছতে কাৰ্যকৰী হৈছে। আইনখনৰ ধাৰা ১২ অনুসৰি কোম্পানীৰ পঞ্জীয়কে কোম্পানীৰ চৰজমিন প্ৰমাণীকৰণ কৰাৰ সিদ্ধান্ত ল’ব পাৰিব৷

যদি তেওঁ ভাবে যে কোম্পানীটোৱে ইয়াৰ ব্যৱসায় সঠিকভাৱে পৰিচালনা কৰা নাই তেনেহ’লে পঞ্জীয়ন কৰা ঠিকনাৰ বিষয়ে তদন্ত কৰিব পাৰিব। চৰজমিন প্ৰমাণীকৰণৰ সময়ত এতিয়া স্থানীয় পৰ্যায়ৰ দুজন স্বতন্ত্ৰ সাক্ষীৰ প্ৰয়োজন হ’ব। নিয়ম অনুসৰি প্ৰমাণীকৰণৰ সময়ত প্ৰয়োজন হ’লে স্থানীয় আৰক্ষীৰো সহায় ল’ব পৰা যাব ।

কোম্পানীৰ পঞ্জীয়নৰ সময়ত দিয়া ঠিকনাৰ সৈতে সংলগ্ন ভৱনৰ নথিপত্ৰ পৰীক্ষা কৰাটোও প্ৰয়োজনীয় হ’ব। তাৰ পিছত সেই পঞ্জীয়নভুক্ত ঠিকনাৰ এখন ফটো তোলা হ’ব আৰু প্ৰতিটো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰা হ’ব। যদি পঞ্জীয়নভুক্ত ঠিকনাত কিবা খেলিমেলি থাকে তেন্তে সংশ্লিষ্ট পঞ্জীয়কে কোম্পানী আৰু ইয়াৰ সঞ্চালকসকললৈ জাননী প্ৰেৰণ কৰিব আৰু তেওঁলোকক ইয়াৰ কাৰণ অৱগত কৰিবলৈ ক’ব।

কোম্পানীৰ পৰা লাভ কৰা উত্তৰৰ আধাৰত কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে চৰকাৰী নথিৰ পৰা সেই কোম্পানীটোৰ নাম আঁতৰ কৰা হ’ব নে নাই সেই বিষয়ত সিদ্ধান্ত ল’ব৷

Related News