হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থীসকলে সৰ্বাধিক ১২শ টকাৰে প্ৰ-পত্ৰ পূৰণ কৰি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ছেবাৰ এক নিৰ্দেশ যোগে এই কথা প্ৰকাশ কৰিছে। নদী পূজা আৰু অমৃত কলসৰ নামত কোটি কোটি টকা খৰচ কৰাৰ সময়তে ছেবাই মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰীক্ষা মাচুল হিচাপে ১২০০ টকা ধাৰ্য কৰিছে।
ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে পৰীক্ষা মাচুলৰ নামত ছাত্ৰ-ছাত্ৰীৰ মূৰত বৃহৎ আৰ্থিক বোজা জাপি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে আৰু এই নিৰ্দেশনা বাতিলৰ বাবে ব্যৱস্থা ল’বলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।
ডি ৱাই এফ আইয়ে আশংকা প্ৰকাশ কৰিছে যে বৃহৎ পৰিমাণৰ মাচুলৰ বাবে পৰীক্ষাৰ প্ৰাকক্ষণত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সন্মুখত ডাঙৰ সংকটে দেখা দিব। মুল্যবৃদ্ধিয়ে জুৰুলা কৰা শিক্ষাৰ্থীৰ পৰিয়ালয় আৰু গভীৰ সংকটৰ মাজলৈ ঠেলি দিব।
ছেবাৰ নিৰ্দেশ অনুসৰি ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। পৰীক্ষা মাচুল হিচাপে এগৰাকী ছাত্ৰই ৭০০ টকা, ব্যৱহাৰিক পৰীক্ষাৰ বাবে ১৫০ টকা আৰু পৰীক্ষা কেন্দ্ৰৰ মাচুল হিচাপে ৩৫০ টকা আদায় দিব লাগিব। ব্যৱহাৰিক পৰীক্ষা নথকা ছাত্ৰ-ছাত্ৰীয়ে মুঠ ১০৫০ টকা মাচুল দিব লাগিব। অৱশ্যে ২০২১-২২ বৰ্ষত নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়ত পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম বুলি জনোৱা প্ৰাৰ্থীসকলে এই মাচুল দিব নালাগে।
কিন্তু প্ৰশ্নটো হৈছে অসমত টকাৰ কোনো অভাব নাই বুলি চৰকাৰ আৰু বিজেপি দলৰ বৰমূৰীয়াসকলে দম্ভালি মৰি থকাৰ সময়তে কিয় ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ওপৰত নিৰ্ভৰ কৰি মেট্ৰিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে ?অথচ অকল নদী পুজাৰ নামতেই ১৪ শ কোটি টকা খৰচ কৰিছিল।
চৰকাৰৰ এনে টোগলকী কাণ্ড বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক পৰীক্ষা মাচুলৰ পৰা ৰেহাই দিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে।