• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী চৰকাৰৰ বনিয়াপ্ৰীতি : দেশত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা হ্ৰাস কৰা হ’ব ৩০০ টাৰ পৰা প্ৰায় ২৪ টালৈ !

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2021 12:48 pm

2 min read

a indus
195
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কথাই প্ৰতি আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসংগ উত্থাপন কৰি আহিছে সেই সময়তে চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা লক্ষ্যণীয় ভাবে হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

নিটি আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে দেশত  থকা ৩০০ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা প্ৰায় ২৪ টালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

এই ক্ষেত্ৰত কিমানটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জীয়াই ৰখা হ’ব সেই বিষয়ে কেন্দ্ৰীয় কেবিনেটে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

যোৱা ১ ফেব্ৰেুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত এইবুলি উল্লেখ কৰিছিল যে দেশৰ চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

সীতাৰমণে উল্লেখ কৰা সেই চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে ক্ৰমে আণৱিক শক্তি ক্ষেত্ৰৰ প্ৰতিষ্ঠান,মহাকাশ গৱেষণা আৰু প্ৰতিৰক্ষা,শক্তি, পেট্ৰ’লিয়াম, বেংকিং, কয়লা,বেংকিং আৰু বীমা আদি।

উল্লেখ্য ২০১৮-১৯ ত দেশত থকাৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা আছিল ৩৪৮।

মোদীৰ চৰকাৰে  লোকচানৰ দোহাই দি এনেদৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ ইটোৰ পিছত সিটোকৈ বন্ধ কৰি যোৱাৰ কথাই এতিয়া বহুতকে ভবাই তুলিছে ।

চৰকাৰে ৰুগ্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ গ্ৰহণৰ সলনি সেইবোৰ বন্ধ কৰিবলৈ অথবা ব্যক্তিগত খণ্ডৰ হাতত তুলি দিবলৈহে উঠি-পৰি লগা পৰিলক্ষিত হৈছে।

ব্যক্তিগত খণ্ডৰ প্ৰতি মোদীৰ চৰকাৰে প্ৰদৰ্শন কৰা দৰদে এতিয়া বহু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত লোকৰ জীৱনলৈ কাল অমানিশা নমাই আনিছে।

নগাঁও কাগজকল, কাছাৰৰ পঞ্চগ্ৰাম কাগজকল আদিও চৰকাৰে উদ্দেশ্যপ্ৰণোদিত ভাবে বন্ধ কৰি দিয়াত বহুতৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

যদি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ ব্যক্তিগত খণ্ডক গতাবই লাগে তেন্তে দিল্লীত বহি থকা চৰকাৰ খনৰ  কাম কি বুলিও বহুতে প্ৰশ্ন কৰিবলৈ লৈছে।

Recent News

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd