• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশক প্লাষ্টিকমুক্ত কৰাৰ আঁচনি ধোঁৱাচাঙত; নিষিদ্ধ নহয়, কমাবলৈহে আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 2, 2019 9:16 pm

2 min read

single-use-plastic-ban-featured-image-810x608

ফটো : ইন্টাৰনেট

11.7k
VIEWS
Share on FacebookShare on Twitter

দেশক প্লাষ্টিকমুক্ত কৰাৰ মোদী চৰকাৰৰ সপোনটো পৰিপক্ব হোৱাৰ পূৰ্বেই প্ৰায় ধোঁৱা চাঙত উঠাৰ উপক্ৰম হৈছে।

আজি দুই অক্টোবৰৰ পৰা প্ৰধান মন্ত্ৰী মোদীয়ে প্লাষ্টিকৰ ৬টাকৈ প্ৰডাক্ট নিষিদ্ধ কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল।

বিজনেছ ষ্টেণ্ডাৰ্ড নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে দিয়া বাতৰিমতে, ১ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ দুজন ঊৰ্ধ্বতন বিষয়াই তেনেকুৱা কোনো তাৎক্ষণিক পদক্ষেপ লোৱাটো উদ্যোগ খণ্ডত চলি থকা মন্দাৱাস্থা আৰু অসংখ্যজনে চাকৰি হেৰুওৱা এই সময়ত অসম্ভৱ বুলি জনাইছে।

যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে উদাত্ত কণ্ঠে দেশক ছিংগল-য়ুজ প্লাষ্টিকমুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। নিজৰ বক্তব্যত তেওঁ ২ অক্টোবৰক ইয়াৰ বাবে বৃহৎ পদক্ষেপৰ দিন হিচাপে উল্লেখ কৰিছিল।

মোদীয়ে ৰাষ্ট্ৰসংঘ আৰু ফ্ৰান্সত অনুষ্ঠিত জি-৭-ৰ সন্মিলনতো নিজৰ ভাষণত ভাৰতক ছিংগল-য়ুজ প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ সংকল্পৰ বিষয়ে অৱগত কৰিছিল।

বিষয়াকেইজনৰ মতে, প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰিবলৈহে চেষ্টা কৰা হ’ব।

পৰিৱেশ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়া চন্দ্ৰকিশোৰ মিশ্ৰই ৰয়টাৰক কোৱা বুলি জানিবলৈ দি সংবাদ প্ৰতিষ্ঠানটোত কোৱা হৈছে যে ৰাজ্যবোৰক প্লাষ্টিকৰ ব্যৱহাৰ, মজুতকৰণ আৰু উৎপাদন সম্পৰ্কীয় বৰ্তমান থকা আইন-কানুনবোৰকে কাৰ্য্যকৰী কৰিবলৈ আহ্বান জনোৱা হ’ব।

“কোনো নতুন নিষেধাজ্ঞা অনা হোৱা নাই। মানুহক প্লাষ্টিকৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে সজাগ কৰাৰ কথাটোহে চিন্তা কৰা হৈছে, যাতে মানুহে এইবোৰ য’তে-ত’তে নেপেলায়”, সংবাদ পৰ্টেলটোত মিশ্ৰৰ উদ্ধৃতি।

চৰকাৰে পৰিকল্পনা কৰা দেশজোৰা প্লাষ্টিক নিষিদ্ধতাই ছ’ডাৰ পৰা বিছকুট, শ্বেম্পুলৈকে বিভিন্ন সামগ্ৰীৰ পেকেজিঙত প্লাষ্টিক ব্যৱহাৰ কৰা প্ৰতিষ্ঠানবোৰক ক্ষতিগ্ৰস্ত কৰিলে হেঁতেন, বিষয়াজনে কয়।

আনপিনে ভাৰতীয় উদ্যোগ মহাসংঘয়ো (Confederation of Indian Industry) কোনো বিকল্প নোহোৱাকৈ প্লাষ্টিক নিষিদ্ধতাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি আহিছিল। ইয়াক বহুতো অৰ্থনৈতিক খণ্ডৰ বাবে অস্তিত্ব সম্পৰ্কীয় সংকট হৈ পৰা বুলি মন্তব্য কৰিছিল মহাসংঘই।

প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd