NORTHEAST NOW (Assamese)

২৫ বছৰৰ পিছত মুক্তি লাভ ১৯৯৯ চনত গ্ৰেহাম ষ্টেইনছ হত্যাৰ দোষী মহেন্দ্ৰ হেমব্ৰামৰ

April 17, 2025 8:52 pm · এন ই নাও নিউজ, গুৱাহাটী

১৯৯৯ চনত অষ্ট্ৰেলীয়ান মিছনেৰী গ্ৰেহাম ষ্টেইনছ আৰু তেওঁৰ দুই নাবালক পুত্ৰৰ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড লাভ কৰা মহেন্দ্ৰ হেমব্ৰামক ২৫ বছৰ কাৰাগাৰত কটোৱাৰ পিছত মুকলি আকশৰ তললৈ আহিছে। ৫১ বছৰীয়া হেমব্ৰামক ওড়িশাৰ কেওনঝাৰ জেলৰ পৰা মুক্তি দিয়া হয়।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, হেমব্ৰামক ৰবীন্দ্ৰ পাল সিং ওৰফে দাৰা সিঙৰ সৈতে এই হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। এই ঘটনাই বিশ্বজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল। হেমব্ৰামক ১৯৯৯ চনৰ ৯ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মুক্তিৰ পিছত তেওঁ দাবী কৰিছে যে ধৰ্মান্তৰকৰণ আৰু গৰু হত্যাৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁক মিছাকৈ এই গোচৰত জড়িত কৰা হৈছিল।

১৯৯৯ চনৰ ২১ জানুৱাৰীৰ নিশা কেওনঝাৰ জিলাৰ মনোহৰপুৰ গাঁৱত এখন জীপৰ ভিতৰত শুই থকা অৱস্থাত গ্ৰেহাম ষ্টেইনছ আৰু তেওঁৰ দুই নাবালক পুত্ৰ টিমোথি (৬ বছৰ) আৰু ফিলিপ (১০ বছৰ)ক উত্তেজিত জনতাই জীৱন্তে জ্বলাই দিয়ে। ধৰ্মান্তৰকৰণৰ অভিযোগৰ সৈতে জড়িত এই আক্ৰমণে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছিল।

ওড়িশা ৰাজ্যিক শাস্তি পৰ্যালোচনা ব’ৰ্ডৰ পৰামৰ্শৰ ভিত্তিত আৰু ৰাজ্যৰ পূৰ্বৰ মুক্তি নীতিৰ নিৰ্দেশনা অনুসৰি হেমব্ৰামক মুক্তি দিয়া হৈছে। জেল কৰ্তৃপক্ষৰ মতে, হেমব্ৰামৰ ভাল আচৰণৰ বাবে তেওঁক মুক্তি দিয়া হৈছে।

ইয়াৰ পূৰ্বে, ২০২৫ চনৰ ১৯ মাৰ্চত উচ্চতম ন্যায়ালয়ে ওড়িশা চৰকাৰক দাৰা সিঙৰ আগতীয়া মুক্তিৰ আবেদনৰ বিষয়ে সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল। বিষয়াসকলৰ মতে, অহা কেইসপ্তাহৰ ভিতৰত দাৰা সিঙৰ মুক্তিৰ বিষয়ে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।

Related News