• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইলোৰা বিজ্ঞান মঞ্চৰ আশাব্যঞ্জক পদক্ষেপ: ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 9:03 pm
Ellora Science Forum
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ জনসাধাৰণৰ মাজত বিজ্ঞানমনষ্কতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে দীৰ্ঘদিনৰ পৰা এক সামাজিক আন্দোলন চলাই অহা স্বেচ্ছাসেৱী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই আজি শিশু দিৱসৰ দিনটোত গ্ৰহণ কৰে এক আশাব্যঞ্জক কাৰ্যসূচী।

ইতিমধ্যেই ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ উদ্যোগত পদ্মশ্ৰী ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ সোঁৱৰণত “ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস” উপলক্ষে হৈ যোৱা ৰচনা প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণ কৰে উদ্যোক্তাসকলে।

Apply Now

মূলত: ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম নেতা, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ধ্বজাবাহক পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস অৰ্থাৎ “শিশু দিৱস”ৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ ৬ খন শিক্ষানুষ্ঠানত বঁটা বিতৰণ কৰে সংস্থাটোৱে।

উক্ত অনুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানমনষ্কতাৰ প্ৰসাৰৰ বাবে শাখাৰ ফালৰ পৰা ইলোৰা বিজ্ঞান মঞ্চৰ লক্ষ্য-উদ্দেশ্যৰ লগতে আন বিভিন্ন সজাগতামূলক বিষয় সামৰি বক্তব্য ৰখা হয় আৰু লীফলেট্ বিতৰণ কৰা হয়। তাৰোপৰি শাখাৰ সভাপতি গণশিল্পী ৰত্নেশ্বৰ ৰাভাই গীত পৰিবেশন কৰে ডুমডুমা বিদ্যাপীঠৰ অনুষ্ঠানটিত।

প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি বঁটা লাভ কৰা শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা মুঠ ১৬ খন শিক্ষানুষ্ঠানৰ ৮ খন শিক্ষানুষ্ঠানত আজি পৰ্যন্ত বঁটা বিতৰণ কৰিছে উদ্যোক্তা সকলে। অনতিপলমে শাখাৰ কৰ্ম-কৰ্তাসকলে আন ৮ খন শিক্ষানুষ্ঠানতো বঁটা বিতৰণী কাৰ্যসূচী সমাপন কৰিব বুলি শাখাৰ সম্পাদক প্ৰজিত নাথে জনায়।

ইফালে যি সময়ত হাজাৰ হাজাৰ চৰকাৰী শিক্ষকৰ পদ বিলুপ্তিৰ প্ৰচেষ্টা চলিছে তথা চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ সপক্ষে অনেকৰ মতামত শুনিবলৈ পোৱা গৈছে, সেই একেই সময়তেই ইলোৰা বিজ্ঞান মঞ্চৰ দ্বাৰা আয়োজিত ৰচনা প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা তথা বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ হোৱাটো এক উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে বুলি মন্তব্য কৰে প্ৰজিত নাথে।

উল্লেখযোগ্য যে উক্ত ৰচনা প্ৰতিযোগিতাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ অন্যতম আজীৱন সদস্য অভিযন্তা মানস বড়োৰ লগতে ডাঃ প্ৰফুল্ল টুমুং আৰু ডাঃ দেৱজিৎ হাজৰিকাই আৰ্থিকভাৱে সহায় আগবঢ়াই আহিছে। এই সহায়ৰ বাবে সমাজ সচেতক ব্যক্তিকেইগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ইলোৰা বিজ্ঞান মঞ্চই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd