• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত বোকাখাতত ৬-৮ জানুৱাৰিত ‘সেউজ গ্রন্থমেলা’

উত্তম শইকীয়া by উত্তম শইকীয়া
January 3, 2019 11:57 am
3.2k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ সহযােগত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা অহা ৬-৮ জানুৱাৰী লৈকে তিনিদিনীয়া কাৰ্যসূচীৰে বোকাখাতৰ গড়মূৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হ’ব ‘সেউজ গ্রন্থমেলা’।

চাহ জনগোষ্ঠীৰ মাজত গ্ৰন্থৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আয়োজিত সেউজ গ্ৰন্থ মেলাৰ এই তিনিওটা দিনতে পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ বিভিন্ন কাৰ্যসুচী অনুষ্ঠিত হ’ব। ৬ জানুৱাৰী পুৱা সাংস্কৃতিক শোভাযাত্রাৰে প্ৰথম বাৰৰ বাবে আয়োজিত এই সেউজ গ্ৰন্থ মেলা শ্রম, চাহ জনজাতি কল্যাণ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী পল্লৱলােচন দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ ভাৰপ্রাপ্ত সভাপতি মনোমতী কুৰ্মীৰ পৌৰোহিত্যত হ’ব লগা এই উদ্বোধনী অনুষ্ঠানত  কৃষিমন্ত্রী অতুল বৰা, যোৰহাটৰ সাংসদ কামাখ্যা প্রসাদ তাছা, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

তিনিদিনীয়া এই গ্ৰন্থ মেলাত মেঘৰাজ কর্মকাৰ স্মাৰক বক্তৃতা অনুষ্ঠান, নাৰায়ন ঘাটোৱাৰ স্মাৰক বক্তৃতা অনুষ্ঠান, চাহ জনগােষ্ঠীৰ লােকসাহিত্যত আনন্দ আৰু বেদনা শীৰ্ষক আলোচনা, কবি সন্মিলন, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু লগতে আটাইকেইটা দিনতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব বুলি আয়োজক সকলে জানিবলৈ দিছে।

সেউজ গ্ৰন্থমেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ৮ জানুৱাৰীৰ বিয়লিলৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থ মেলাৰ সামৰনি অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd