DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ বাবে ক’ভিড সম্পৰ্কীয় অভিযোগ নিষ্পত্তি কোষ গঠন; ক’ভিড চিকিৎসা, সৎকাৰৰ অভিযোগক দিয়া হ’ব প্ৰাধান্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2021 7:45 am
E3IvRlcX0AQ4fd2

ফটো সৌজন্য: টুইটাৰ।

143
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰ পৰা মহানগৰীত ক’ভিড চিকিৎসা বা ক’ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা যিকোনো অসুবিধাৰ তৎকালীনভাৱে সমাধান কৰিব জিলা প্ৰশাসনে।

কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ইয়াৰ বাবে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য), যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য বিভাগৰ জিলা নিৰীক্ষণ বিষয়া, জিলা দূৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া, আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক আৰু জিলা মিডিয়া বিশেষজ্ঞকলৈ এটা অভিযোগ নিষ্পত্তি কোষ গঠন কৰিছে৷

মহানগৰবাসীয়ে ট’ল ফ্ৰী ১০৭৭, ০৩৬১-২৭৩৩০৫২ আৰু ৯৩৬৫৪২৩৯১৪ -এই তিনিটা নম্বৰযোগে নিজৰ অভিযোগ দাখিল কৰিব পাৰিব৷

ইয়াৰে তৃতীয় নম্বৰটো Whatsapp নম্বৰ। কেৱল এই নম্বৰকেইটাই নহয়, ১০৪ নম্বৰ বা সামাজিক মাধ্যমৰ প’ষ্টযোগে দিয়া আপত্তিৰো নিষ্পত্তি কৰিব এই অভিযোগ নিষ্পত্তি কোষে৷।

ক’ভিড চিকিৎসা আৰু ক’ভিড ৰোগীৰ সৎকাৰৰ অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত এই কোষে প্ৰাধান্য দিব যদিও ক’ভিড সম্পৰ্কীয় যিকোনো অভিযোগ এই কোষে নিষ্পত্তি কৰিব।

এই কোষ ২৪ ঘণ্টাই উপলব্ধ হ’ব আৰু ইয়াৰ কৰ্মচাৰীসকলে দৈনিক তিনিটাকৈ শ্বিফ্টত কাম কৰিব৷

শনিবাৰে এই কোষত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শৰ্মিষ্ঠা বৰাৰ অধ্যক্ষতাত হোৱা এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত (টীকাকৰণ)  গুণজিৎ ৰয়চৌধুৰী, অতিৰিক্ত আয়ুক্ত, জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক আৰু জিলা মিডিয়া বিশেষজ্ঞ উপস্থিত থাকে৷

এই কাৰ্যসূচীত ক’ভিড সংক্ৰান্তীয় পৰীক্ষা, টীকাকৰণ, আদি সকলো বিষয়ৰ ওপৰত কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হয়৷

Tags: COVID-19

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd