NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’ল ষ্টেশ্যনত নিচাযুক্ত টেবলেটসহ আটক দুজন সৰবৰাহকাৰী

November 16, 2018 1:00 pm · এন ই নাও নিউজ
গুৱাহাটী ৰে'ল ষ্টেশ্যনত নিচাযুক্ত টেবলেট সহ শুকুৰবাৰে ৰে'ল আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজন।

গুৱাহাটী ৰে’ল ষ্টেশ্যনত আজি পুৱা প্ৰায় ১০-৩০ বজাত ৰে’ল আৰক্ষীয়ে বহু পৰিমাণৰ নিচাযুক্ত টেবলেটসহ দুজন সৰবৰাহকাৰীক আটক কৰে। ষ্টেশ্যনৰ ২নং প্লেটফৰ্মৰ পৰা ৰে’ল আৰক্ষীয়ে এগৰাকী মহিলাৰ লগতে আছতুল হক (২২) নামৰ যুৱকজনক আটক কৰে।

ৰে’ল আৰক্ষীয়ে আটক কৰা উক্ত সৰবৰাহকাৰী দুজন কলকাতাৰ পৰা উজনিমুৱা শৰাইঘাট এক্সপ্ৰেছ যোগে আহি নামিছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা মহিলা গৰাকীক ৰেহেনা খুলাকপাম (৩০) বুলি চিনাক্ত কৰা হৈছে। মনিপুৰৰ ইম্ফল পূব জিলাৰ মহিলাগৰাকীৰ স্বামীৰ নাম কৰিমুদ্দিন কিয়ামগেই।

আনহাতে আটক হোৱা আছতুল হক নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত লাওতোলাৰ ঘোগাৰ বাবুল আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

ৰে’ল আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা তিনিখন বেগত কঢ়িয়াই অনা ১,০২,০০ টা এছপিএম-পিআৰএক্স কেপছুল আৰু ৭,৫০০ টা নাইট্ৰাজেপাম টেবলেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।

Related News