পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ আহ্বান লাইচান ইংলেঙৰ

HSDC

ফেচীবাদী বিজেপিক পৰাজিত কৰিবলৈ আৰু পৰিৱৰ্তনৰ বাবে পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ পৰিষদৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ৯খন চহৰৰ ভোটাৰসকললৈ আৱেদন জনাইছে।

আজি ৩ ডিচেম্বৰ বৃহস্পতিবাৰে পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত ৯খন টাউন কমিটীৰ ভোটাৰসকললৈ আৱোদন জনাই পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইদৰে কয়, ‘‘ফেচীবাদী বিজেপিক পৰাজিত কৰিবলৈ আৰু পাৰ্বত্য ৰাজ্য গঠনৰ হকে চলি থকা আন্দোলনক শক্তিশালী কৰিবলৈ জাতি, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে ৯খন চহৰৰ ভোটাৰসকলে আগন্তুক টাউন কমিটীৰ নিৰ্বাচনত পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হকে ভোটদান কৰক।

”আমি স্পষ্ট কৰি দিছোঁ যে বিগত এমএচি নিৰ্বাচনৰ সময়ত বিজেপিয়ে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত ৰাজ্য গঠনৰ বিষয়টোক প্ৰথমতে ৰাখিছিল। কিন্তু আজিকোপতি ইয়াক বলৱৎ কৰা হোৱা নাই। ৯খন টাউন কমিটীৰ কোনো সদস্যই দৰমহা লাভ কৰা নাই।” ইংলেঙে কয়।

তেওঁ আৰু কৈছে যে তুলিৰাম ৰংহাঙৰ নেতৃত্বত ২০১৬ চন তনিৰ্বাচিত আটাই কেইগৰাকী কেইগৰাকী কংগ্ৰেছ  কাৰ্যবাহী সদস্য (CEM) আৰু স্বায়ত্ব শাসিত পৰিষদৰ সদস্যই (MAC) বিজেপিত যোগ দিছিল। ড০ ৰংপিয়ে কংগ্ৰেছত যোগ দিয়াৰ ফলতো পৰিষদত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল।

কাৰ্বি নিমছো চিংথুৰ আছোঙৰ (KNCA) সাধাৰণ সম্পাদক প্ৰতিমা ইংঘিপিয়ে কৈছে যে কাৰ্বি নিমছো চিংথুৰ আছোঙে টাউন কমিটীৰ নিৰ্বাচনত পাৰ্বত্য ৰাজ্য দাবী পৰিষদক সমৰ্থন জনাব।

বৰদিন, কাৰ্বিসকলৰ পাৰম্পৰিক নৱবৰ্ষৰ উৎসৱ ৰংকাৰ, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ কথা বিৱেচনা নকৰাকৈ খৰধৰকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও পাৰ্বত্য ৰাজ্য দাবী পৰিষদে বিজেপিক সমালোচনা কৰে।