• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিমেণ্টৰ জিএছটি নকমিল : সাধাৰণৰজনৰ ‘এটা ঘৰৰ সপোন’ক অৱজ্ঞা মোদী চৰকাৰৰ

২৮ শতাংশ জি এছ টিৰে চিমেণ্ট এতিয়াও বিলাসৰ সামগ্ৰীৰ তালিকাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2018 8:50 am

2 min read

Cement
336
VIEWS
Share on FacebookShare on Twitter

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি জি এছ টি কাউন্সিলৰ বহু প্ৰত্যাশিত ৩১ সংখ্যক বৈঠকত মাত্ৰ কেইপদমান বস্তুৰ জি এছ টিহে আশাব্যঞ্জক ধৰণে হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ফলত ২৮ শতাংশৰ সৰ্বাধিক জি এছ টি থকা সামগ্ৰীৰ পৰিমাণ ৩৪টাৰ পৰা ২৮টালৈ হ্ৰাস হয়। চিমেণ্টৰ জিএছটি হ্ৰাস হ’ব বুলি আৰু সৰ্বসাধাৰণজনৰ এটা ঘৰৰ সপোনে বাস্তৱ ৰূপ পোৱাত সহায় কৰিব বুলি মোদী চৰকাৰে যি ধাৰণা দি আছিল, সেয়া আজি দেখা নগ’ল।

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰীয়েও দুদিন পূৰ্বে চিমেণ্টক ২৮ শতাংশ জি এছ টিৰ পৰা বাহিৰলৈ আনি সৰ্বসাধাৰণক সকাহ দিয়াৰ ইংগিত দিছিল। কিন্তু সেইটোৰ আজিৰ জি এছ টি কাউন্সিলৰ বৈঠকত লোৱা সিদ্ধান্তবোৰত প্ৰতিফলন নঘটিল।

আজি বৈঠকত বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে কয় যে কেৱল বিলাসী সামগ্ৰী আৰু ক্ষতিকৰ সামগ্ৰী (sin goods)বোৰহে এতিয়া ২৮ শতাংশৰ অধীনত আছে।

কিন্তু ২৮ শতাংশ জি এছ টিৰ ফলত হোৱা চিমেণ্টৰ অত্যধিক মূল্যই সৰ্বসাধাৰণক কেনেকৈ এটা ঘৰ বনোৱাৰ সপোনটোৰ পৰা দূৰত ৰাখিব পাৰে, সেই কথাটোৰ প্ৰতি চৰকাৰৰ সংবেদনশীলতা প্ৰকট হৈ পৰিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এই বৈঠকৰ মাত্ৰ দুদিনমান পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে এটা টুইটত ইংগিত দিছিল যে জি এছ টি পৰিষদে নিউ নিউমেটিক টায়াৰ বা ৰাবাৰ, ডিজিটেল কেমেৰা, এয়াৰ কণ্ডিশ্যনাৰ, ডিছ ৱাশ্বিং মেচিন, টি ভিৰ ছেট টপ বক্স, মনিটৰ আৰু প্ৰজেক্টৰৰ লগতে নিৰ্মাণ সামগ্ৰী চিমেণ্টৰো হাৰ হ্ৰাস কৰিব পাৰে।

কিন্তু আজি অন্য বহুকেইটা বস্তুৰ জি এছ টি হ্ৰাস পালে যদিও চিমেণ্টক সাঙুৰি নোলোৱাটোৱে হতাশ কৰিলে দেশৰ সৰ্বসাধাৰণক।

উল্লেখযোগ্য যে আজি কেইবাটাও সামগ্ৰীৰ জি এছ টি শ্লেবৰ সালসলনি ঘটায় চৰকাৰে। ১৮ শতাংশৰ পৰিসৰৰ ভিতৰত থকা বহুকেইপদ তালিকা ১২ শতাংশৰ পৰিসৰলৈও অনা হয়। মুঠ ৩৩বিধ সামগ্ৰীৰ জি এছ টি হ্ৰাস কৰা হয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd