• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটত আপ নেতাক ভয়াৱহ আক্ৰমণ: বিজেপি জড়িত থকাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2022 10:57 am
Gujarat AAP leader attacked
162
VIEWS
Share on FacebookShare on Twitter

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত আম আদমী পাৰ্টীয়ে ক্ৰমে নিজৰ স্থিতি সবল কৰি তুলিছে। জোৰদাৰ প্ৰচাৰেৰে দলটোৱে শাসকীয় বিজেপি দলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এনে ৰাজনৈতিক কুচ-কাৱাজৰ মাজতে মঙলবাৰে ৰাজ্যখনত আক্ৰমণৰ সন্মুখীন হৈছে দলটোৰ এগৰাকী শীৰ্ষ নেতা।

চুৰাটৰ চিমাণ্ডা নাকাৰ ওচৰত আম আদমী পাৰ্টিৰ (আপ) নেতা মনোজ সোৰাথিয়াক কালি আক্ৰমণ কৰা হয়। ৰাজ্যিক দলৰ সাধাৰণ সম্পাদক পদত থকা নেতাগৰাকী গণেশ চতুৰ্থী উদযাপনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ যোৱাৰ সময়ত আক্ৰমণৰ বলি হয়।

আপৰ মতে চোৰাথিয়া চুৰাটৰ দলীয় কাৰ্যালয়ৰ ওচৰত থকাৰ সময়তে দুৰ্বৃত্তই নেতাজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। দলটোৱে এই আক্ৰমণৰ আঁৰত বিজেপি জড়িত আছে বুলি অভিযোগ কৰিছে।

গুজৰাটত আপৰ বৰ্ধিত জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈয়ে শাসকীয় বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপে।

আপৰ মুখ্য মিডিয়া সমন্বয়ক বিকাশ যোগীয়ে এটা টুইটযোগে আক্ৰমণত আহত চোৰাথিয়াৰ ফটো শ্বেয়াৰ কৰি বিজেপিৰ গুণ্ডাই মনোজ চোৰাথিয়াৰ জীৱনলৈ এই আক্ৰমণৰ জৰিয়তে ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ কৰিছিল।

টুইটটোত সংযোগ কৰা ফটোবোৰত আপ নেতাগৰাকীৰ মূৰৰ পৰা ৰক্তক্ষৰণ হৈ থকা দেখিবলৈ পোৱা গৈছিল। বিকাশ যোগীৰ এই টুইটটো ৰিটুইট কৰি আপ মুৰব্বী অৰবিন্দ কেজৰিৱালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ আক্ৰমণত জড়িত অভিযুক্তক শাস্তি দিবলৈ আহ্বান জনায়।

টুইটটোত কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি এনেদৰে বিৰোধী দলৰ নেতাক আক্ৰমণৰ লক্ষ্য কৰাটো সঠিক নহয় বুলি সকীয়াই দিয়ে। কেজৰিৱালে কয়, “নিৰ্বাচনৰ সময়ত জয় আৰু পৰাজয় সচৰাচৰ হয়, কিন্তু বিৰোধীক এনেদৰে ধ্বংস কৰিবলৈ চেষ্টা কৰাটো গুজৰাটৰ সংস্কৃতিৰ বিৰুদ্ধে আৰু জনসাধাৰণে এয়া ভাল নাপায়।”

উল্লেখ্যে যে গুজৰাটৰ আগন্তুক নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলোৱা আপে আজি গণেশ চতুৰ্থীত ৰাজ্যখনৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে প্ৰতিশ্ৰুতি দিয়া গেৰাণ্টিৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ কাৰ্যসূচী হাতত লৈছে।

গুজৰাট ভ্ৰমণৰ সময়ত কেজৰিৱালে দিল্লীৰ শিক্ষা আৰ্হিৰ ওপৰত আলোকপাত কৰি একে মানদণ্ডৰ বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্যসেৱা, বিনামূলীয়া বিদ্যুৎ, নিবনুৱা ভাট্টা, ১০ লাখ চাকৰিআৰু মহিলাসকলৰ বাবে ১,০০০ টকাৰ ভাট্টা “গেৰাণ্টি” দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

গেৰাণ্টি পঞ্জীয়ন অভিযানৰ অংশ হিচাপে আপ কৰ্মীসকলে ভোটাৰ, গাওঁ, ৱাৰ্ড নম্বৰ, মোবাইল ফোন নম্বৰ, বিধানসভা খণ্ড, আৰু অন্যান্য বিৱৰণৰ নাম পঞ্জীয়ন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

দলৰ নেতাসকলৰ মতে, ক্ষমতালৈ অহাৰ পিছত আপে কাৰ্যকৰী কৰিব লগা প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰি ৰাজ্যখনৰ জনসাধাৰণক গেৰাণ্টি কাৰ্ড প্ৰদান কৰা হ’ব। কেজৰিৱালে ২ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত মাহজোৰা প্ৰচাৰত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd