• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাটত আপ নেতাক ভয়াৱহ আক্ৰমণ: বিজেপি জড়িত থকাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2022 10:57 am
Gujarat AAP leader attacked
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত আম আদমী পাৰ্টীয়ে ক্ৰমে নিজৰ স্থিতি সবল কৰি তুলিছে। জোৰদাৰ প্ৰচাৰেৰে দলটোৱে শাসকীয় বিজেপি দলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এনে ৰাজনৈতিক কুচ-কাৱাজৰ মাজতে মঙলবাৰে ৰাজ্যখনত আক্ৰমণৰ সন্মুখীন হৈছে দলটোৰ এগৰাকী শীৰ্ষ নেতা।

চুৰাটৰ চিমাণ্ডা নাকাৰ ওচৰত আম আদমী পাৰ্টিৰ (আপ) নেতা মনোজ সোৰাথিয়াক কালি আক্ৰমণ কৰা হয়। ৰাজ্যিক দলৰ সাধাৰণ সম্পাদক পদত থকা নেতাগৰাকী গণেশ চতুৰ্থী উদযাপনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ যোৱাৰ সময়ত আক্ৰমণৰ বলি হয়।

Apply Now

আপৰ মতে চোৰাথিয়া চুৰাটৰ দলীয় কাৰ্যালয়ৰ ওচৰত থকাৰ সময়তে দুৰ্বৃত্তই নেতাজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। দলটোৱে এই আক্ৰমণৰ আঁৰত বিজেপি জড়িত আছে বুলি অভিযোগ কৰিছে।

গুজৰাটত আপৰ বৰ্ধিত জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈয়ে শাসকীয় বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপে।

আপৰ মুখ্য মিডিয়া সমন্বয়ক বিকাশ যোগীয়ে এটা টুইটযোগে আক্ৰমণত আহত চোৰাথিয়াৰ ফটো শ্বেয়াৰ কৰি বিজেপিৰ গুণ্ডাই মনোজ চোৰাথিয়াৰ জীৱনলৈ এই আক্ৰমণৰ জৰিয়তে ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ কৰিছিল।

টুইটটোত সংযোগ কৰা ফটোবোৰত আপ নেতাগৰাকীৰ মূৰৰ পৰা ৰক্তক্ষৰণ হৈ থকা দেখিবলৈ পোৱা গৈছিল। বিকাশ যোগীৰ এই টুইটটো ৰিটুইট কৰি আপ মুৰব্বী অৰবিন্দ কেজৰিৱালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ আক্ৰমণত জড়িত অভিযুক্তক শাস্তি দিবলৈ আহ্বান জনায়।

টুইটটোত কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি এনেদৰে বিৰোধী দলৰ নেতাক আক্ৰমণৰ লক্ষ্য কৰাটো সঠিক নহয় বুলি সকীয়াই দিয়ে। কেজৰিৱালে কয়, “নিৰ্বাচনৰ সময়ত জয় আৰু পৰাজয় সচৰাচৰ হয়, কিন্তু বিৰোধীক এনেদৰে ধ্বংস কৰিবলৈ চেষ্টা কৰাটো গুজৰাটৰ সংস্কৃতিৰ বিৰুদ্ধে আৰু জনসাধাৰণে এয়া ভাল নাপায়।”

উল্লেখ্যে যে গুজৰাটৰ আগন্তুক নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলোৱা আপে আজি গণেশ চতুৰ্থীত ৰাজ্যখনৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে প্ৰতিশ্ৰুতি দিয়া গেৰাণ্টিৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ কাৰ্যসূচী হাতত লৈছে।

গুজৰাট ভ্ৰমণৰ সময়ত কেজৰিৱালে দিল্লীৰ শিক্ষা আৰ্হিৰ ওপৰত আলোকপাত কৰি একে মানদণ্ডৰ বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্যসেৱা, বিনামূলীয়া বিদ্যুৎ, নিবনুৱা ভাট্টা, ১০ লাখ চাকৰিআৰু মহিলাসকলৰ বাবে ১,০০০ টকাৰ ভাট্টা “গেৰাণ্টি” দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

গেৰাণ্টি পঞ্জীয়ন অভিযানৰ অংশ হিচাপে আপ কৰ্মীসকলে ভোটাৰ, গাওঁ, ৱাৰ্ড নম্বৰ, মোবাইল ফোন নম্বৰ, বিধানসভা খণ্ড, আৰু অন্যান্য বিৱৰণৰ নাম পঞ্জীয়ন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

দলৰ নেতাসকলৰ মতে, ক্ষমতালৈ অহাৰ পিছত আপে কাৰ্যকৰী কৰিব লগা প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰি ৰাজ্যখনৰ জনসাধাৰণক গেৰাণ্টি কাৰ্ড প্ৰদান কৰা হ’ব। কেজৰিৱালে ২ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত মাহজোৰা প্ৰচাৰত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd