গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী গোটে শনিবাৰে নিশা দিল্লীত এক সফল অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই ড্ৰাগছ সৰবৰাহ কৰা এক আফগান নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। ধৃত আফগান নাগৰিকগৰাকীক ভাহিদুল্লা ৰহিমুল্লাহ বুলি চিনাক্ত কৰা হৈছে।
দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলৰ পৰা অভিযানকাৰী দলটোৱে আফগান নাগৰিক গৰাকীক ২০ কোটি টকা মূল্যৰ ৪ কিলোগ্ৰাম হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে।
প্ৰকাশিত খবৰ অনুসৰি দিল্লী এনচিআৰত বাস কৰা আফগান নাগৰিক ভাহিদুল্লা ৰহিমুল্লাহে শুকুৰবাৰে বসন্ত কুঞ্জ অঞ্চলত বৃহৎ পৰিমাণৰ হেৰ’ইন যোগান ধৰাৰ পৰিকল্পনা কৰা বুলি গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী গোটে তথ্য লাভ কৰিছিল।
তাৰ পাছতে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ এটা দলে দিল্লী অপৰাধ শাখাৰ সৈতে যুটীয়াভাৱে এলেকাটোত অভিযান চলায়। নিশা প্ৰায় ১১ বজাৰ পৰা নিশা ১১.৩০ বজালৈ অভিযানকাৰী দলটোৱে তালাচী চলায়।
এই অভিযানৰ পাছতে আফগান নাগৰিক ভাহিদুল্লা ৰহিমুল্লাহক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ পৰা ৪ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰা হয়৷
ইতিমধ্যে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত দিল্লী অপৰাধ শাখাই অভিযুক্ত ভাহিদুল্লাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।
অভিযুক্ত ভাহিদুল্লা আফগানিস্তানৰ কান্দাহাৰৰ বাসিন্দা আৰু ২০১৬ চনত চিকিৎসা ভিছাত তেওঁৰ পৰিয়ালৰ সৈতে ভাৰতলৈ আহিছিল। ভিছাৰ ম্যাদ বঢ়াই তেওঁ পিছলৈ ভাৰততে দীৰ্ঘসময় ধৰি বাস কৰি আহিছে।