প্ৰত্যাশিতভাৱেই ক্ৰমাগত সপ্তমটো কাৰ্যকালৰ লক্ষ্যৰে গুজৰাটৰ ক্ষমতা দখলৰ দিশে আগবাঢ়িছে গেৰুৱা দল বিজেপি। বিপক্ষৰ সকলো ৰাজনৈতিক সম্ভাৱনাক ধূলিস্যাত কৰি ১৮২ জনীয়া গুজৰাট বিধানসভাত বিপুল সংখ্যাগৰিষ্ঠতাৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ দিশত অগ্ৰসৰ হৈছে দলটো।
যোৱা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ পাছত আজি ঘোষণা হ’বলগীয়া নিৰ্বাচনী ফলাফলত প্ৰায় নিশ্চিত হৈ পৰিছে বিজেপিৰ বিজয়। এগজিট প’লৰ পূৰ্বানুমান সঠিক প্ৰমাণিত কৰি এইমুহূৰ্তলৈকে গেৰুৱা দলটো ১৩৮ খন আসনত আগবাঢ়ি বিৰোধী নিষ্কণ্টক হোৱাৰ দিশে আগবাঢ়িছে বিজেপি।
ইফালে ৰাজ্যখনৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰি চমক সৃষ্টিৰ আশা জগোৱা আম আদমী পাৰ্টিৰ সকলো সম্ভাৱনা অসাৰ হোৱাৰ ফালে গতি লৈছে। এতিয়ালৈকে ভোটগণনাত মাত্ৰ ৬ খন আসনতহে আগবাঢ়ি আছে দলটো।
আনহাতে গুজৰাটত কংগ্ৰেছক পিছলৈ ঠেলি সেই ঠাই আপে ল’ব বুলি যি এক ৰাজনৈতিক চৰ্চা চলিছিল, সেই চৰ্চাকো প্ৰায় নাকচ কৰিছে এতিয়ালৈকে হোৱা ভোটগণনাই। পূৰ্বৰ দৰেই বিজেপিৰ প্ৰধান বিৰোধী হিচাপে কংগ্ৰেছে ৩২ খন আসনত আগবাঢ়ি আপৰ সম্ভাৱনা শূন্য কৰি তুলিছে।
ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ চমক আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ কুট-কৌশলে পুনৰবাৰ বিজেপিক শাসনত অধিষ্ঠিত কৰোৱাৰ ফালে গতি লৈছে। আনহাতে এইমুহূৰ্তলৈকে হোৱা ভোটণনাই দিল্লী শাসনৰ আৰ্হিৰে শিক্ষা-স্বাস্থ্যৰ প্ৰতিশ্ৰুতিৰ গুজৰাটৰ ভাগ্য নিয়ন্ত্ৰা হ’ব বিচৰা আপক গুজৰাটবাসীয়ে প্ৰায় কৰা যেন হৈ পৰিছে।
উল্লেখ্য যে আজি পুৱা ৮ বজাৰ পৰা ১৮২খন বিধানসভাৰ আসন সামৰি ৩৭টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। আহমেদাবাদত তিনিটা, চুৰাট আৰু আনন্দত দুটা, বাকী ৩০খন জিলাৰ প্ৰতিখনতে এটাকৈ কেন্দ্ৰ স্থাপন কৰা হৈছে।
গুজৰাট বিধানসভাৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৯২ সহজেই অতিক্ৰম কৰি শাসকীয় বিজেপিয়ে ১১৭-১৫১ খন আসন জয়লাভ কৰাৰ সম্ভাৱনা দাবী কৰিছিল। এই সম্ভাৱনা সঠিক হোৱাটোৱেই এইমুহূৰ্তত প্ৰকট হৈ পৰিছে।
স্মৰ্তব্য যে গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৭১.২৮ শতাংশ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে এইবাৰ ৬৬.৩১ শতাংশ ভোটাৰে চৰকাৰ গঠনৰ বাবে মতদান কৰিছিল।