NORTHEAST NOW (Assamese)

অবৈধ সম্পৰ্কৰ পৰিণতি : ১.২০ কোটি টকা বীমা ধনৰ লোভত পত্নীক হত্যা এজন লোকৰ

February 8, 2021 3:21 pm · এন ই নাও নিউজ
Updated: February 8, 2021 3:24 pm

পত্নীৰ নামত থকা এটা বীমা পলিচিৰ ধনৰ লোভত নিজ পত্নীক হত্যা কৰাৰ এক চাঞ্চল্যকৰ খবৰ আহিছে।

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ বানশকান্ত জিলাৰ ভিল্ডী নামৰ ঠাইত।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি ললিত টাঙ্ক নামৰ এজন চাৰ্টাৰেড একাউন্টাণ্টে পত্নীক বীমা পলিচিৰ ধনৰ লোভত হত্যা কৰিছে।

ললিত টাঙ্কৰ পত্নী দক্ষাবেন টাঙ্কৰ নামত আছিল এটা ১.২০ কোটি টকীয়া বীমা পলিচি।

হত্যাকাণ্ডটো সংঘটিত হৈছিল বিগত বৰ্ষৰ ডিচেম্বৰ মাহত। ২৬ ডিচেম্বৰত দক্ষবেন টাঙ্কৰ এক মটৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি স্বামী ললিত টাঙ্কে স্থানীয় আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰাইছিল।

কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে স্বামী ললিতে পত্নী দক্ষাবেনক হত্যা কৰিবলৈ কৃৰ্তি মালীক ২ লাখ টকাৰ চুপাৰি দিছিল।

ললিত টাঙ্কৰ পত্নীৰ নামত ১.২০ কোটি টকাৰ বীমা পলিচি থকাৰ লগতে পত্নী দক্ষাবেনৰ নামতে আঠ মাহৰ পূৰ্বে ১৭ লাখ টকাৰ বিলাসী ক্ৰেটা গাড়ীও ক্ৰয় কৰিছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে ললিত টাঙ্কৰ এগৰাকী যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক আছিল, সেয়ে পত্নীৰ নামত লোৱা বৃহৎ পৰিমাণৰ এই বীমা পলিচিটোৱেই এই হত্যাকাণ্ডৰ প্ৰধান কাৰণ হ’ব পাৰে।

আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে পিটিআই-এ প্ৰকাশ কৰা বাতৰি অনুসৰি ২৬ ডিচেম্বৰৰ পুৱা পত্নীৰ সৈতে ললিত টাঙ্কে এক মন্দিৰলৈ গৈছিল। আৰু মন্দিৰৰ পৰা উভতি অহা সময়তে বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু থিতাতে নিহত পত্নী দক্ষাবেন টাঙ্কৰ।

প্ৰথমতে এয়া দুৰ্ঘটনা বুলি ধাৰণা কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত এয়া এক পৰিকল্পিত হত্যাকাণ্ড প্ৰমাণ হৈছে।

স্বামী ললিত টাঙ্কে পত্নীক পৰিকল্পিতভাৱে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Related News