প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত ল’লে এহাল প্ৰেমিক যুগলে। প্ৰেমৰ কৰুণ পৰিণতিত অৱশেষত মৃত্যুৰ শীতল কোলাত শুই পৰিল প্ৰেমিক-প্ৰেমিকা।
সোমবাৰে নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত উদ্ধাৰ হ’য় এহাল যুৱক-যুৱতীৰ মৃতদেহ। বৰহোলাৰ এই প্ৰেমিক যুগলে যোৱা নিশা গোলাঘাটৰ কাষৰীয়া নামবৰ দৈগ্ৰোঙ বন্যপ্ৰাণী অভয়াৰণ্যত ল’লে এই চৰম সিদ্ধান্ত।
পৰিয়ালৰ সূত্ৰ মতে, দুয়ো কালি ঘৰৰ পৰা এখন বাইকেৰে ওলাই আহিছিল আৰু আদবাটতে যুৱকজনে নিজৰ পৰিয়াললৈ মেচেজ যোগে মৃত্যুৰ দৰে চৰম সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল।
ইয়াৰ পিছতে কালিৰে পৰা পৰিয়ালৰ লোকে দুয়োকে বিচাৰি চলাথ কৰিছিল।
অৱশেষত দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতিতে বাইকখন পৰি থকা দেখা পাই ওৰেটো নিশা বিচাৰিছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।
সমান্তৰালকৈ বৰহোলাৰ আৰক্ষী বিষয়াকো সমগ্র ঘটনাৰ বিষয়ে অৱগত কৰিছিল আৰু অৱশেষত আজি পুৱা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হ’য় দুয়োৰে মৃতদেহ।
বৰহোলাৰ এই যুৱক-যুৱতী হালৰ নাম মইনুদ্দিন আলি আৰু দেবযানী নেওগ।
ইতিমধ্যে বগীজান আৰক্ষীয়ে খবৰ পাই মৃতদেহ দুটা উদ্ধাৰ কৰি দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।