জিগনেশ মেৱানীৰ জামিন নাকচ: পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

Jignesh Mevani

বৰপেটা জিলাৰ এখন স্থানীয় আদালতে আজি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন নাকচ কৰিছে।

গুজৰাটৰ বিধায়কজনক বৰপেটা স্থানীয় আদালতে পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে কোকৰাঝাৰ আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰত জামিন মঞ্জুৰ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে সোমবাৰে সন্ধিয়া অসম আৰক্ষীয়ে জিগনেশ মেৱানীক আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিছিল।

কংগ্ৰেছ সমৰ্থিত গুজৰাটৰ এজন নিৰ্দলীয় বিধায়ক মেৱানীক যোৱা সপ্তাহত গুজৰাটৰ পালানপুৰ চহৰৰ পৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা টুইটৰ বাবে অসমৰ কোকৰাঝাৰ আৰক্ষী থানাত আইপিচি আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰাৰ পিছত প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল।

কোকৰাঝাৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে তেওঁক জামিন প্ৰদান কৰাৰ পিছত বৰপেটা আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰে।

কৰ্তব্যৰত মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত বিধায়কজনৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছিল।