• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুজৰাটত ‘SIR’ৰ নামত চলিছে ‘ভোট চুৰি’: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2026 8:32 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন আয়োগ ভাৰতীয় গণতন্ত্ৰৰ ৰক্ষক নে ভোট চুৰিৰ অংশীদাৰ? নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ পুনৰবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। গুজৰাটৰ ভোটাৰ তালিকা সংশোধনৰ নামত চলি থকা ‘এছ আই আৰ ‘ প্ৰক্ৰিয়াক এক সু-পৰিকল্পিত ‘ভোট চুৰিৰ কৌশল’ আখ্যা দি গান্ধীয়ে অভিযোগ কৰিছে যে এতিয়া জনসাধাৰণে নহয়, বৰঞ্চ বিজেপিয়েহে নিৰ্বাচনৰ ফলাফল স্থিৰ কৰিব বিচাৰিছে। বিশেষকৈ নিৰ্দিষ্ট সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন আৰু ভুৱা আপত্তি দাখিলৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে এক বৃহৎ জালিয়াতিৰ ‘ব্লু-প্ৰিণ্ট’ ৰচনা কৰাৰ অভিযোগ উঠিছে।

লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে লগতে দাবী কৰে যে এই “ভোট চুৰিৰ ষড়যন্ত্ৰ”ত ভাৰতীয় নিৰ্বাচন আয়োগ এক মুখ্য অংশীদাৰত পৰিণত হৈছে। এক্সৰ (X) এটা পোষ্টত গান্ধীয়ে কয় যে ভোটাৰ তালিকাৰ সংশোধন প্ৰক্ৰিয়াটোক “এজন ব্যক্তি, এটা ভোট”ৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। তেওঁৰ মতে, ইয়াৰ জৰিয়তে জনসাধাৰণে নহয়, বৰঞ্চ বিজেপিয়েহে সিদ্ধান্ত ল’ব যে কোনে শাসনৰ গাদী দখল কৰিব।

Apply Now

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে য’তেই ‘এছ আই আৰ’ প্ৰক্ৰিয়া চলিছে, তাতেই ভোট চুৰি হৈছে। তেওঁৰ ভাষাত, “গুজৰাটত যি চলিছে সেয়া কোনো প্ৰশাসনিক প্ৰক্ৰিয়া নহয়, এয়া এক বৃহৎ কৌশল। আটাইতকৈ ভয়ানক কথাটো হ’ল যে একেটা নামতে হাজাৰ হাজাৰ আপত্তি দাখিল কৰা হৈছে।”

তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছক সমৰ্থন কৰা নিৰ্দিষ্ট সম্প্ৰদায় আৰু নিৰ্বাচনী কেন্দ্ৰসমূহৰ পৰা বাচনি কৰি কৰি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। যিবোৰ সমষ্টিত বিজেপিৰ পৰাজয়ৰ সম্ভাৱনা আছে, সেইবোৰ স্থানৰ পৰা ভোটাৰৰ নাম নোহোৱা কৰি দিয়া হৈছে। আলান্দ (Aland) আৰু ৰাজুৰাত (Rajura) দেখা পোৱা এই একেই আৰ্হি এতিয়া গুজৰাট আৰু ৰাজস্থানতো প্ৰয়োগ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

গান্ধীয়ে নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰি কয়, “আটাইতকৈ গুৰুতৰ কথটো হ’ল যে নিৰ্বাচন আয়োগ এতিয়া আৰু গণতন্ত্ৰৰ ৰক্ষক হৈ থকা নাই। আয়োগ এতিয়া ভোট চুৰিৰ এই ষড়যন্ত্ৰৰ এজন প্ৰধান অংশীদাৰ হৈ পৰিছে।”

ইফালে, গুজৰাট প্ৰদেশ কংগ্ৰেছেও সামাজিক মাধ্যমৰ জৰিয়তে অভিযোগ কৰিছে যে নিৰ্বাচনত ৰিগিঙৰ এক নতুন আৰ্হি আৰম্ভ হৈছে। দলটোৰ মতে, ‘এছ আই আৰ’ৰ আপত্তি দাখিলৰ অন্তিম দিন আছিল ১৮ জানুৱাৰী। ১৫ জানুৱাৰীলৈকে মাত্ৰ কেইটামান আপত্তিহে লাভ কৰা হৈছিল, কিন্তু তাৰ পাছতে হঠাতে লাখ লাখ আপত্তি (ফৰ্ম-৭) দাখিল কৰা হয়।

কংগ্ৰেছৰ দাবী অনুসৰি, নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ১২ লাখ আপত্তিৰ তথ্যৰ পৰা স্পষ্ট হৈছে যে নিৰ্দিষ্ট জাতি আৰু অঞ্চলক লক্ষ্য কৰি এই কাম কৰা হৈছে। এজন ব্যক্তিৰ নামতে বিভিন্ন স্বাক্ষৰ ব্যৱহাৰ কৰি ডজন হিচাপত আপত্তি দাখিল কৰা হৈছে যদিও আয়োগে নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে। বিৰোধী দলে এই সন্দৰ্ভত তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে যদিও আয়োগৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd