IPL 2024: শুভমন-সুদৰ্শনৰ শতকেৰে দুৰ্দান্ত জয়! গুজৰাটৰ হাতত হাৰি কঠিন হ’ল চেন্নাইৰ প্লে অফৰ পথ

এবছৰৰ পূৰ্বে এই ষ্টেডিয়ামতে আই পি এলৰ ফাইনেলত পৰাজিত হ’বলগীয়া হৈছিল গুজৰাটে। সেইবাৰো প্ৰতিদ্বন্দ্বী আছিল মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ২০০ৰো অধিক ৰান সংগ্ৰহ কৰিও হাৰ্দিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে চেম্পিয়ন হোৱাত ব্যৰ্থ হয়।

চলিত আই পি এলৰ ছবিখন সম্পূৰ্ণ বেলেগ। দুয়োটা দলৰ অধিনায়ক সলনি হৈছে। কিন্তু গুজৰাটৰ হাতত পৰাস্ত হোৱাৰ বাবে চেন্নাইৰ বাবে প্লে অফৰ পথটো কঠিন হৈ পৰিল। শুকুৰবাৰে শুভমান গীল আৰু ছাই সুদৰ্শনৰ দুৰ্দান্ত শতকেৰে গুজৰাটে ৩৫ ৰানত জয়লাভ কৰে।

চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। যোৱা আই পি এলতো ধোনীয়ে একে সিদ্ধান্ত লৈছিল। কিন্তু শুকুৰবাৰৰ সিদ্ধান্তই তেওঁলোকৰ বাবে বুমেৰাং হৈ পৰিল। শুভমন গীল (১০৪) আৰু ছাই সুদৰ্শনে (১০৩) অপেনিং যুটীত শতক অৰ্জন কৰে।দুয়োৱে প্ৰথম উইকেটত ২১০ ৰান সংগ্ৰহ কৰে। তেওঁলোকে আই পি এলত অ’পেনিং যুটীৰ সৰ্বাধিক ৰানৰ অভিলেখ প্ৰায় ভাঙিয়ে পেলাইছিল। লক্ষ্ণৌৰ ডি কক আৰু কে এল ৰাহুলে ২০২২ত কলকাতাৰ বিৰুদ্ধে ২১০ ৰানত অপৰাজিত আছিল।

অলপৰ বাবে সেই অভিলেখ ভংগ কৰিব নোৱাৰিলে গুজৰাটৰ দুই বেটছমেনে। আই পি এলৰ চতুৰ্থ সৰ্বোচ্চ পাৰ্টনাৰশ্বিপৰ গঢ়িয়েই সন্তুষ্ট থাকিব লগা হ’ল। কিন্তু দুয়োৰে পৰাক্ৰমে চেন্নাইৰ বলাৰক নিস্তব্ধ কৰি পেলালে।

টী-২০ বিশ্বকাপ দলৰ প্ৰথম ১৫ জনৰ স্থানত স্থান লাভ কৰিব নোৱাৰিলে শুভমনে। শুকুৰবাৰৰ শতকটোৱেই তেওঁৰ উত্তৰ। তেওঁ অতি আক্ৰমণাত্মক বেটিং কৰিছিল। ইয়াৰ মাত্ৰ চাৰিটা বলৰ পাছতে সুদৰ্শনে ছয় মাৰি শতক অৰ্জন কৰে। যোৱাবাৰ আই পি এলৰ ফাইনেলত মাত্ৰ ৪ ৰান দূৰত শতকৰ পৰা বঞ্চিত হৈছিল ছাই। শুকুৰবাৰে তেওঁ শতক কৰিহে এৰিলে। কিন্তু দুয়োজনে ১৮ অভাৰত পুনৰ তুষাৰ দেশপাণ্ডেৰ বলত আউট হৈ যায়। শেষৰ তিনিটা অভাৰত মাত্ৰ ১২ ৰানহে লাভ কৰে দলটোৱে। অৱশেষত গুজৰাটে তিনিটা উইকেট হেৰুৱাই ২৩১ ৰানত ৰৈ যায়।

গুজৰাটে বলিং ভালদৰেই আৰম্ভ কৰিলে। মাত্ৰ ১০ ৰানত ৩ টা উইকেট হেৰুৱালে চেন্নাইয়ে। ৰাহানে, ৰচিন ৰবীন্দ্ৰ আৰু ৰুতুৰাজ আটাইকেইজন বিফল হয়। ডেৰিল মিচেল (৬৩) আৰু ম’ইন আলীয়ে (৫৬) ধাৰাবাহিক বেটিং দুৰ্যোগৰ অন্তত মেচলৈ ঘূৰি আহিবলৈ চেন্নাইৰ বাবে বাট মুকলি কৰি দিয়ে। কিন্তু তেওঁলোক উভতি অহাৰ লগে লগে চেন্নাই শিবিৰৰ ওপৰত পৰাজয়ৰ অন্ধকাৰ নামি আহিল।

গুজৰাটে বেট-বল আৰু দুৰ্দান্ত ফিল্ডিঙেৰে খেলখনত পাৰ্থক্য সৃষ্টি কৰে। জাদেজা (১৮) আৰু শিৱম ডুবে (২১)ৰ চেষ্টাও যথেষ্ট নহ’ল। শেষৰ অভাৰত  ধোনী মেজিকেও (২৬) কাম নিদিলে। মেচখনত ৩৫ ৰানত পৰাস্ত হয় চেন্নাই। লীগ টেবুলত চতুৰ্থ স্থানত থকাৰ পিছতো তেওঁলোকৰ ধাৰাবাহিকতাক লৈ প্ৰশ্ন উত্থাপন হ’ব। বিশেষকৈ আউটফিল্ডত। আপাততঃ প্লে অফৰ যুঁজত ৰক্ষা পৰিলেও ৰুতুৰাজৰ বাবে পথটো কঠিন হৈ পৰিল।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছঃ ২৩১/৩ (শুভমন ১০৪, সুদৰ্শন ১০৩, তুষাৰ ৩৩/২)

চেন্নাই ছুপাৰ কিংছঃ ১৯৬/৮ (মিচেল ৬৩, ম’ইন ৫৬, মোহিত ৩১/৩)

৩৫ ৰানত জয়লাভ কৰে গুজৰাট টাইটানছে।