NORTHEAST NOW (Assamese)

সন্মুখৰ পৰা নেতৃত্ব দিলে শুভমন গীলে; ইডেন গাৰ্ডেনত গুজৰাটৰ হাতত ধৰাশায়ী কলকাতা

April 22, 2025 8:17 am · এন ই নাও নিউজ, গুৱাহাটী

অন্তিমখন মেচত পঞ্জাৱৰ হাতত পৰাস্ত হৈ অজিংক্য ৰাহানেৰ আত্মবিশ্বাস বহুখিনি হ্ৰাস পাইছিল। সোমবাৰে সন্ধিয়া সেই একেখন ছবিয়েই নিজৰ ঘৰুৱা মাটিত অধিক স্পষ্ট হৈ পৰিল। প্লে অফৰ পথ মুকলি কৰিবলৈ দুটা মূল্যৱান পইণ্ট নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় আছিল। কিন্তু সেই লক্ষ্যত উপনীত নহল।

সোমবাৰে ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনতে গুজৰাট টাইটানছে কেকেআৰক ধৰাশায়ী কৰিলে। আৰু এই পৰাজয়ে নাইটছ শিবিৰৰ বাবে কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰিছে।

টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱা নাইটৰ অধিনায়ক ৰাহানে মূল একাদশত পৰিৱৰ্তনৰ কথা ঘোষণা কৰে। বেটেৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰাৰ বাবে ৭খন মেচৰ অন্তত কুইণ্টন ডি ককৰ ঠাইত গুৰবাজক খেলোৱা হয়। কিন্তু তেওঁ চলিত আই পি এলত প্ৰথমবাৰৰ বাবে নামি গীলৰ দলৰ পেচ বলিঙৰ আগত তিষ্ঠবই নোৱাৰিলে। মাত্ৰ ১ ৰানতে পেভলিয়নলৈ উভতি আহে।

অনৰিখ নাখিয়াৰ ঠাইত খেলোৱা হৈছিল মইন আলীত। তেওঁ ৩ অভাৰত ২৭ ৰান দি উইকেটো নাপালে। বৰঞ্চ সোমবাৰে ইডেনৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় কেকেআৰৰ প্ৰাক্তন খেলুৱৈ শুভমন গীলে। ৫৫টা বলত ৯০ ৰান সংগ্ৰহ কৰা অধিনায়কগৰাকীৰ দৃষ্টিনন্দন ইনিংছটো ক্ৰিকেটপ্ৰেমীয়ে দীৰ্ঘদিনলৈ মনত ৰাখিব।

অৱশ্যে কেৱল বেটেৰে নহয়, অধিনায়ক হিচাপেও গীলৰ মাষ্টাৰষ্ট্ৰ’ক লক্ষ্য কৰিবলগীয়া। খেলৰ ছন্দ বজাই ৰাখিবলৈ তেওঁ ষ্ট্ৰেটেজিক টাইম আউট নোলোৱাকৈয়ে বলিং কৰিছিল। একে সময়তে তেওঁ সঠিক সময়ত বলটো ৰছিদ খানৰ হাতত তুলি দিয়ে, যাৰ ফলত কেকেআৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। আফগান স্পিনাৰগৰাকীয়েও অধিনায়কৰ মৰ্যাদাক সন্মান জনাই ফৰ্মলৈ উভতি আহিছিল। তেওঁ দুটা উইকেট দখল কৰে।

মুঠৰ ওপৰত গুজৰাটে এক নম্বৰ দলৰ দৰে প্ৰদৰ্শন আগবঢ়ায়। কে কে আৰ অনুৰাগীৰ জয়ধ্বনি যেন একো কামত নাহিল। ইয়াৰ বিপৰীতে ৰাহানেৰ কৌশলত অনুৰাগীসকল সঁচাকৈয়ে বিৰক্ত হৈছিল। ১৬ নং অভাৰত বৰুণৰ স্পেল শেষ হয়। ডেথ অভাৰত হৰ্ষিত আৰু বৈভৱৰ ওপৰত ভৰসা। পৰিস্থিতি অনুযায়ী কৌশল সলনি কৰিবলৈ চেষ্টা নকৰিলে ৰাহানেই। কে কে আৰৰ ফিল্ডিং আছিল নিকৃষ্ট। খেলখনৰ শেষত ৰাহানেই স্বীকাৰ কৰে যে কমেও ১০/১৫ ৰান বচাব পৰা গ’লহেঁতেন।

তাতেই শেষ নহয়, আন্দ্ৰে ৰাছেল শেষ হৈ গ’ল? এই মেচখনত প্ৰশ্নটো আৰু অধিক স্পষ্ট হৈ পৰিল। কাৰণ নাইটৰ অধিনায়কে ১২ অভাৰৰ আগতে ৰাছেলক বল নিদিলে। আকৌ ৫টা উইকেট যোৱাৰ পিছত নামি ২১ ৰান কৰি পেভিলিয়নলৈ উভতিল। কোকোআৰ শিবিৰে আৰু তেওঁক লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ সাহস নাই হেৰুৱালে নেকি?

আনহাতে, লগতে প্ৰশ্ন হয় প্ৰায় ২৪ কোটি টকাৰ ভেংকটেশ আয়াৰে কোনো দায়িত্বই নলবনে? যোৱা বছৰৰ চেম্পিয়ন দলটোৱে প্লে অফত প্ৰৱেশ কৰিব পাৰিবনে? কিং খানৰ মেনেজমেন্ট ইয়াৰ উত্তৰ বিচাৰিছে নে?

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছ: ১৯৮/৩ (শুভমন-৯০, সুদৰ্শন-৫২, বাটলাৰ-৪১*)

কে কে আৰ: ১৫৯/৮ (ৰাহানে-৫০, অংগকৃষ-২৭*)

৩৯ ৰানত জয়লাভ কৰে গুজৰাট টাইটানছে।

Related News