• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL 2026: ফাইনেলৰ পিছত হোটেললৈ ওভতাৰ পথত গুজৰাট টাইটানছৰ বাছত লাগিল জুই! কেনে আছে খেলুৱৈসকল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 8:19 am
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল ২০২৬ৰ ফাইনেলত পৰাস্ত হোৱাৰ হতাশা তেতিয়াও আঁতৰা নাছিল। ট্ৰফী হেৰুৱাৰ আঘাতৰ সৈতে মোকাবিলা কৰাত ব্যস্ত হৈ পৰিছিল গুজৰাট টাইটানছৰ ক্ৰিকেটাৰসকল। ইয়াৰ মাজতে এটা দুৰ্ঘটনা সংঘটিত হয়। হোটেললৈ উভতি অহাৰ পথত হঠাৎ টিম বাছখনত জুই লাগিল। আতংক নিমিষতে বিয়পি পৰিল। অৱশ্যে ভাল খবৰটো হ’ল কোনো ক্ৰিকেটাৰ বা দলৰ সদস্য আহত হোৱা নাই। সকলোৱে নিৰাপদে বাছৰ পৰা নামিবলৈ সক্ষম হ’ল।

দেওবাৰে নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ ফাইনেলৰ পিছত গুজৰাট টাইটানছৰ খেলুৱৈসকল টীম বাছত উঠি হোটেললৈ উভতি আহিছিল। সেই সময়ত বাছখনত শ্বৰ্ট চাৰ্কিটৰ বাবে হঠাতে জুই লাগে বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে। জুই দেখি ক্ষীপ্ৰতাৰে বাছখন ৰখাই ক্ৰিকেটাৰসকলক নিৰাপদে উলিয়াই নিবলৈ সক্ষম হয়।

Apply Now

এই ঘটনাৰ বাবে প্ৰায় এঘণ্টা ধৰি পথত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল শুভমন গিলৰ দলটো। পিছত বিকল্প ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক হোটেললৈ লৈ যোৱা হয়। কোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত নোহোৱাত দলৰ সদস্যসকলে স্বস্তিৰ নিশ্বাহ লৈছে।

যোৱা কেইদিনমানৰ পৰা গুজৰাট টাইটানছ দীঘলীয়া যাত্ৰা আৰু ব্যস্ততাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। ২৭ মে’ত ধৰ্মশালাৰ পৰা মুলনপুৰত উপস্থিত হোৱা দলটোৱে ২৯ মে’ত তাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কোৱালিফায়াৰ-২ মেচ খেলিছিল।ইয়াৰ পিছত ৩০ মে’ত আহমেদাবাদলৈ উভতি যোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে নিৰ্ধাৰিত সময়ত উপনীত হ’ব পৰা নাছিল। অৱশেষত শনিবাৰে সন্ধিয়া দলটোৱে নিজৰ ঘাটিত উপস্থিত হয়।

ফাইনেলত গুজৰাটৰ প্ৰদৰ্শনেও আশা পূৰণ কৰিব নোৱাৰিলে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে নিৰ্ধাৰিত ২০ অভাৰত দলটোৱে মাত্ৰ ১৫৫/৮ ৰানহে সংগ্ৰহ কৰে। পিছত আৰ চি বিয়ে ৫ উইকেটত জয়লাভ কৰে।

খেলখনৰ অন্তত গুজৰাট টাইটানছৰ ক্ৰিকেট সঞ্চালক বিক্ৰম সোলংকীয়ে অৱশ্যে ক্লান্তিক অজুহাত হিচাপে ব্যৱহাৰ কৰিব বিচৰা নাছিল। তেওঁ কয় যে আমি বহু মেচ খেলিলোঁ, বহুত ভ্ৰমণ কৰিলোঁ, কিন্তু কেৱল ভাগৰুৱা হোৱাৰ বাবেই আৰ চি বিৰ কৃতিত্বক ক্ষুদ্ৰ কৰি তুলিব নিবিচাৰো।আমাৰ স্ক’ৰ আশা কৰাতকৈ কম আছিল। কিন্তু ল’ৰাকেইটাই শেষলৈকে যুঁজিছিল।

তেওঁ লগতে কয়, “মেচৰ শেষলৈ ঘূৰি চালে এনে লাগিব পাৰে যে বহু কাম বেলেগ ধৰণে কৰিব পৰা গ’লহেঁতেন। কিন্তু আপুনি এইটোও মানি ল’ব লাগিব যে প্ৰতিপক্ষই কেতিয়াবা ভাল ক্ৰিকেট খেলিব পাৰে।”

এফালে ফাইনেলত পৰাজয়, আনফালে উভতি অহাৰ পথত বাছত জুই – মুঠতে দেওবাৰৰ নিশা গুজৰাট টাইটানছৰ বাবে নিঃসন্দেহে দুঃস্বপ্নৰ নিশা হৈ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd