আমি যি বিচাৰো, মোদী চৰকাৰে তাকে প্ৰদান কৰি আহিছে : গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী

গুজৰাটত ‘লাভ জেহাদ’ৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ’ব। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে বদোদৰা পৌৰনিগমৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি এইদৰে কয়।

শেহতীয়াকৈ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে বৈবাহিক অথবা অন্যান্য ধৰ্মান্তকৰণৰ বিৰুদ্ধে ধৰ্মীয় স্বাধিনতাৰ আইন প্ৰণয়ন কৰিছে।

মুখ্যমন্ত্ৰী ৰুপানীয়ে আৰু কয় যে চৰকাৰে অ-সামাজিক আচৰণ আৰু ভূমি দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে আৰু এই আইন দুখনৰ দ্বাৰা ক্ৰমে ১০ আৰু ১৪ বছৰলৈকে কাৰাবাস খাটিব লাগিব।

তেওঁ কয় যে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণ, ৩৭০ ধাৰা খাৰিজ, পালুৱামা এয়াৰ স্ট্ৰাইকৰ দ্বাৰা জনতাক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে।

তদুপৰি ৰুপানীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত গুজৰাটে “উন্নয়নৰ সোণালী যুগ’’ পাৰ কৰিছে।

“এয়া গুজৰাটৰ বাবে সোণালী সময় কাৰণ কেন্দ্ৰত মোদী চৰকাৰে আমি যি বিচাৰো, তাকে প্ৰদান কৰি আহিছে।” তেওঁ কয়।

বদোদৰাত মেট্ৰ’ ট্ৰেইনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁ আশ্বাস দিয়ে বিশ্বামিত্ৰ নদীয়ে বদোদৰা চহৰত সৃষ্টি কৰা বানপানীৰ সমস্যাও সমাধান কৰিব।

উল্লেখযোগ্য যে, গুজৰাটৰ ছখন পৌৰনিগমৰ নিৰ্বাচন ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।