• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ হোটেলত কম ভাৰাৰ বিনিময়ত নাবালিকাক যৌন উৎপীড়ন, ১০ বছৰৰ কাৰাদণ্ড গুজৰাটৰ যুৱকক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 3:27 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কাৰ এখন হোটেলত মানৱ সৰবৰাহকাৰীক ধন দি এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত গুজৰাটৰ এগৰাকী ২৭ বছৰীয়া যুৱকক দহ বছৰৰ কাৰাদণ্ড বিহা হৈছে। যুৱকজনৰ নাম কাৱনকুমাৰ পেটেল বুলি জানিব পৰা গৈছে। যোৱা ছাব্বিশ মে‘ তাৰিখে আমেৰিকাৰ ওমাহত থকা এখন ফেডাৰেল আদালতৰ ন্যায়াধীশ জোচেফ এফ বেটেইলনে এই কঠোৰ শাস্তি প্ৰদান কৰে।

আমেৰিকাৰ চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, দহ বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ পিছত পেটেলে আৰু পাঁচ বছৰ নিৰীক্ষণত কটাব লাগিব। ইয়াৰ লগতে এই কথাও পোহৰলৈ আহিছে যে যুৱকজনে আমেৰিকাত অবৈধভাৱে বসবাস কৰি আছিল। সেয়েহে তেওঁৰ কাৰাগাৰৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰা হ‘ব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিছে।

Apply Now

এই গোটেই ঘটনাটো পোহৰলৈ আহে ২০২৫ চনৰ ৬ জানুৱাৰীত। সেইদিনা ওমাহা আৰক্ষীয়ে আমেৰিকিন নামৰ এখন হোটেলত চুৰিৰ খবৰ পাই তালৈ গৈছিল। তালৈ গৈয়েই আৰক্ষীয়ে তাত চলি থকা মানৱ সৰবৰাহৰ বিষয়ে সন্দেহ কৰে আৰু তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছতে হোমলেণ্ড চিকিউৰিটি টাস্ক ফ’ৰ্চ আৰু ওমাহা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই পোন্ধৰ আৰু ষোল্ল বছৰ বয়সীয়া দুজনী ছোৱালীক উদ্ধাৰ কৰে। এই ছোৱালী দুজনীক অন্য এখন ৰাজ্যৰ পৰা আনি তাত ধনৰ বিনিময়ত যৌন কাৰ্যত ব্যৱহাৰ কৰা হৈছিল।

উদ্ধাৰ হোৱা নাবালিকা দুগৰাকীয়ে আৰক্ষীক জনোৱা মতে, সৰবৰাহকাৰীসকলে তেওঁলোকক হোটেলৰ কৰ্মচাৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰিছিল। তেনে কৰিলেহে হোটেলৰ কোঠাৰ ভাৰা কমাই দিয়া হ‘ব, নহ‘লে তেওঁলোকক হোটেলৰ পৰা উলিয়াই দিয়া হ‘ব বুলি ভাবুকি দিয়া হৈছিল। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে হোটেলৰ দুজন কৰ্মচাৰীয়ে নাবালিকা এগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সৰবৰাহকাৰীক ধন দিছিল আৰু তৃতীয় এজন কৰ্মচাৰীয়ে আনগৰাকী নাবালিকাৰ সৈতে যৌন কাৰ্যত লিপ্ত হৈছিল।

এই জঘন্য কামৰ বিনিময়ত হোটেলৰ কৰ্মচাৰীসকলে সৰবৰাহকাৰী আৰু নাবালিকাসকলক কোনো বাধা নোহোৱাকৈ কেইবাদিনো ধৰি সেই হোটেলখনত থাকিবলৈ দিছিল। সেই সময়ছোৱাত সৰবৰাহকাৰীসকলে ছোৱালীকেইজনীৰ বিষয়ে অনলাইনো বিজ্ঞাপন দিছিল আৰু আন গ্ৰাহকৰ সৈতেও যোগাযোগ কৰিছিল। ভুক্তভোগী ছোৱালীকেইজনীয়ে তদন্তকাৰী বিষয়াক জনাইছিল যে তেওঁলোকক খাবলৈও অতি কমকৈ দিয়া হৈছিল আৰু সৰবৰাহকাৰীৰ সকলো কথা মানি লোৱাৰ বাহিৰে তেওঁলোকৰ হাতত অন্য কোনো উপায়েই নাছিল।

আমেৰিকাৰ অধিবক্তা লেছলী উডছে এই ঘটনা সন্দৰ্ভত কয় যে, এনে ঘটনাই মানৱ সৰবৰাহ ৰোধ কৰিবলৈ আৰু দুৰ্বল শিশুসকলক ৰক্ষা কৰিবলৈ সকলোৱে মিলি কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ এই অভিযানত জড়িত আৰক্ষী আৰু অন্যান্য সংস্থাসমূহক নাবালিকা দুগৰাকীক সফলতাৰে উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

কৰ্তৃপক্ষই সাধাৰণ ৰাইজকো আহ্বান জনাইছে যে যদি তেওঁলোকে সমাজৰ কতো এনে ধৰণৰ মানৱ সৰবৰাহ বা অবৈধ কাৰ্যকলাপৰ সন্দেহ কৰে, তেন্তে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিব লাগে। ৰাইজৰ সজাগতাই এনে জঘন্য অপৰাধৰ বলি হোৱা লোকসকলক উদ্ধাৰ কৰাত সহায় কৰিব বুলিও বিষয়াসকলে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd