নাইজেৰিয়াত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৬২জন

fba0276e-e920-4eb5-b91f-47ecdd571813

নাইজেৰিয়াৰ উত্তৰ-পশ্চিম অঞ্চলৰ কেবি প্ৰদেশত বন্দুকধাৰীৰ আক্ৰমণত কমেও ৬২জন লোক নিহত হৈছে। দেওবাৰে নিশা কেবি প্ৰদেশত স্বেচ্ছাসেৱী পহৰাদাৰী দলক লক্ষ্য কৰি এই আক্ৰমণত চলোৱা হৈছিল।

যোৱা জানুৱাৰীৰ মাজভাগত অনুৰূপ এক আক্ৰমণৰ ঘটনাৰ পিছত এইটো হৈছে দেশখনত ঘটা বন্দুকধাৰীৰ আটাইতকৈ ভয়াবহ আক্ৰমণৰ ঘটনা।

নাইজেৰিয়াৰ নিৰাপত্তা বাহিনীয়ে দেশখনৰ উত্তৰ-পশ্চিম অঞ্চলৰ প্ৰদেশসমূহত সন্ত্ৰাসবাদী তথা ডকাইতৰ বিৰুদ্ধে অভিযান চলাই থকাৰ বাবে এই অঞ্চলসমূহত স্বেচ্ছাসেৱী পহৰাদাৰী দলসমূহক গাঁও তথা চহৰসমূহত সহায় কৰাৰ বাবে নিয়োগ কৰিছে।

লগতে পঢ়ক: কোনবোৰ দেশ বন্ধু নহয়, ৰাছিয়াই প্ৰস্তুত কৰিলে ইয়াৰ তালিকা! কোন কোন আছে তালিকাত?

কেবি প্ৰদেশৰ ‘য়ান চা কাই’ পহৰাদাৰী দলটোৰ মুৰব্বী উছমান ছানিয়ে জানিবলৈ দিয়ে যে দেওবাৰে নিশা তেওঁলোকৰ পহৰাদাৰী দলটোৱে চাকাবা অঞ্চলত এটা ডকাইতৰ দলৰ বিৰুদ্ধে অভিযান চলোৱাৰ যো-জা কৰাৰ সময়ত ডকাইতৰ দলটোৱে তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে গম পায়। ডকাইতৰ অতৰ্কিত আক্ৰমণত তেওঁলোকৰ ৬২জন লোক নিহত হৈছে।

যোৱা জানুৱাৰী মাহত কেবিত মটৰচাইকেলত অহা এদল বন্দুকধাৰীয়ে এখন গাঁওত চলোৱা আক্ৰমণত ৫০জনতকৈয়ো অধিক গাওঁবাসী নিহত হৈছিল।

লগতে পঢ়ক: বিজনীত ৪৩ কিলোগ্ৰাম হৰিণাৰ মাংসৰ সৈতে দুজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে বন্দুকধাৰী দুৰ্বৃত্তসকলে মুক্তিপণ দাবী কৰি সহস্ৰ স্কুলীয়া বিদ্যাৰ্থী তথা গাওঁবাসীক অপহৰণ কৰি নাইজেৰিয়াৰ উত্তৰ-পশ্চিম অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।