NORTHEAST NOW (Assamese)

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

March 1, 2021 10:36 am · ৰিদিপ শৰ্মা

২৭,২৮, ফেব্ৰুৱাৰী আৰু ১ মাৰ্চ ২০২১ তাৰিখে তিনিদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ মথুৰা দাস বুঢ়া আতা শাখা সমাজ দাৰিগজিয়ে নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত কৰে।

শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উষা কীৰ্ত্তন , ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ , সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানৰে , গুৰু আসন প্ৰতিষ্ঠাৰে অনুষ্ঠিত হোৱা এই মাংঙ্গলিক অনুষ্ঠানৰ বিভিন্ন কাৰ্য্যসূচীৰে তিনিদিনীয়াকৈ আয়োজন কৰে। এই অনুষ্ঠানৰ ২৮ তাৰিখৰ নিশা আয়োজন কৰা গুৰুজনাৰ সৃষ্টি ওজা পালি নৃত্যই ৰাইজৰ মন মোহিত কৰে।

বৰ্তমান সময়ত লুপ্তপ্ৰায় হবলৈ ধৰা এই ওজা পালি নৃত্য বিধক মধ্যঅসমৰ নগাঁও, মৰিগাঁও, আৰু কলিয়াবৰত বৰ্তমানেও জীয়াই ৰাখিছে একাংশ শিল্পীয়ে। ইয়াৰে কলিয়াবৰৰ মাধতাৰী গাঁওৰ ললিত বৰাই জীয়াই ৰখাৰ চেষ্টাত ব্ৰতীহৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিবেশন কৰি ৰাইজৰ অকুণ্ঠ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে।

সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ মথুৰা দাস বুঢ়া আতা শাখা সমাজ দাৰিগজিয়ে নিমন্ত্ৰণ কৰা ললিত বৰা আৰু তেওঁৰ সংগী বৃন্দই দেওবাৰে নিশা অনুষ্ঠিত কৰা ওজা পালিৰ নৃত্যই দাৰিগজিৰ ৰাইজক মন মোহিত কৰা পৰিলক্ষিত হয়।

আনহাতে আজি  নিশালৈ স্থানীয় যুৱক তথা ৰাইজৰ দ্বাৰা ” চিত্ৰাঙ্গদ ৰজাৰ ধৰ্ম পৰীক্ষা” নাট প্ৰদৰ্শনৰে এই অনুষ্ঠানৰ সামৰণি পৰিব।

Related News